Daily Time Axom

মৰাণত বৃহৎ জুৱাৰ ঘাটি উৎখাত, ১০ জুৱাৰী গ্ৰেপ্তাৰ

0 7

চৰাইদেউ জিলাৰ মৰাণহাট আৰক্ষী থানাৰ অন্তৰ্গত বিশ্ৰামপুৰ হিমপৰা গাঁৱত আৰক্ষীয়ে এক বৃহৎ জুৱাৰ ঘাটি উৎখাত কৰিবলৈ সক্ষম হৈছে ৷ গাঁওখনৰ অৰুণ ফুকন নামৰ লোকজনৰ ঘৰত দীৰ্ঘদিন ধৰি জুৱাখেল চলি থকাৰ তথ্য লাভ কৰাৰ পাছতে আৰক্ষীয়ে অভিযান চলাই ১০ জন জুৱাৰীক হাতে-লুটে কৰায়ত্ব কৰে ৷ ধৃত লোককেইজন হৈছে মৰাণৰ তিলৈজানৰ পুলিন হাজৰিকা (৩৯), মৰাণ অভয়পুৰৰ চবিৰ হুচেইন (৩৩), মৰাণ ঊষাপুৰৰ মণি গগৈ (৫২), মৰাণ তৰানিপথৰ আব্দুল কৰিম (৪৮), বামুণবাৰীৰ গোবিন সোনোৱাল (৪০), চৰাইদেউৰ নাহৰতলিৰ বিক্ৰম বৰুৱা (৩৬), বিশ্ৰামপুৰৰ সীমান্ত কোঁৱৰ (২৯), মৰাণ তিলৈজানৰ ৰোবেন কুমাৰ শ্বেখ (৩১), বামুণবাৰীৰ আনন্দ গগৈ (৪০) আৰু ঘৰটোৰ গৰাকী অৰুণ ফুকন (৩৪) ৷ ধৃত লোককেইজনৰ পৰা ১৮,৫৮৫ টকা নগদ ধন, জুৱাৰ সামগ্ৰী, ৮ টা মোবাইল ফোন জব্দ কৰিছে মৰাণহাট আৰক্ষীয়ে ৷ তদুপৰি আৰক্ষীয়ে ধৃত লোককেইজনে ব্যৱহাৰ কৰা এএচ ০২ এফ ৫৭১০ নম্বৰৰ এখন ইণ্ডিগ’ গাড়ী, এএচ ০৬ এএফ ৪৩৩২ নম্বৰৰ ৱেগনাৰ গাড়ী, এএচ ০৬ এবি ১৭৮২ নম্বৰৰ হোণ্ডা চাইন মটৰ চাইকেল আৰু এএচ ০৪ টি ৮৮৩৯ নম্বৰৰ এখন আপাচী মটৰ চাইকেল জব্দ কৰিছে ৷

Leave A Reply

Your email address will not be published.