Daily Time Axom

স্বাস্থ্যমন্ত্ৰী তথা গোলাঘাট জিলাৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্তৰ কৰ্কট চিকিৎসালয়ৰ স্থান পৰিদৰ্শন

0 4

স্বাস্থ্যমন্ত্ৰী তথা গোলাঘাট জিলাৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্তই আজি গোলাঘাটৰ বগৰিজেং পুলিচ প্লে-গ্ৰাউণ্ডত উপস্থিত হৈ অহা ২৮ এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বাৰা ডিব্ৰুগড়ৰ পৰাই আধাৰশিলা স্থাপন কৰিব লগা গোলাঘাট কৰ্কট চিকিৎসালয়ৰ স্থান পৰিদৰ্শন কৰে। তদুপৰি সেইদিনা ডিব্ৰুগড়ৰ কেন্দ্ৰীয় অনুষ্ঠানৰ পৰাই গোলাঘাট কৰ্কট চিকিৎসালয়ৰো আধাৰশিলা স্থাপন উপলক্ষে স্থানীয় ভাৱে গোলাঘাট জিলা প্ৰশাসনৰ উদ্যোগত আয়োজন কৰা অনুষ্ঠানৰ প্ৰস্তুতিৰো স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে বুজ লয়। তেওঁ এই কাৰ্যসূচী সুচাৰু ৰূপে সম্পন্ন কৰাৰ ক্ষেত্ৰত সংশ্লিষ্ট প্ৰতিটো বিভাগকে নিজৰ দায়িত্ব নিয়াৰিকৈ পালন কৰিবলৈ দিহা দিয়ে। মন্ত্ৰীগৰাকীৰ এই পৰিদৰ্শন কালত জিলা উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱা, স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক ডাঃ অৰুণ চন্দ্ৰ মহন্ত আৰু জিলা প্ৰশাসন তথা স্বাস্থ্য বিভাগৰ কেইবাগৰাকীও বিষয়া উপস্থিত আছিল । উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সেইদিনা ডিব্ৰুগড়ৰ পৰাই প্ৰতীকীভাৱে ৭খন কৰ্কট ৰোগৰ চিকিৎসালয় উদ্বোধন কৰাৰ লগতে গোলাঘাট আৰু আন ছখন কৰ্কট ৰোগৰ চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰিব।

Leave A Reply

Your email address will not be published.