বঙাইগাঁৱৰ লুংঝাৰত ৬জন জুৱাৰীক গ্ৰেপ্তাৰ
বঙাইগাঁও জিলাৰ মানিকপুৰ থানাৰ অন্তৰ্গত লুংঝাৰত গেৰুকাবাৰী আৰক্ষীৰ জুৱাৰ বিৰুদ্ধে অভিযান । লুংঝাৰৰ পাৰ ঘাটৰ ছবদেৰ আলী নামৰ এজন ব্যক্তিৰ চাহ দোকানত সোমবাৰে নিশা আৰক্ষীয়ে অভিযান চলাই ৬ জন জুৱাৰীক গ্ৰেপ্তাৰ কৰি গেৰুকাবাৰী আৰক্ষী চকীলৈ আনে । জানিব পৰা মতে উক্ত দোকানত জুৱা খেল হৈ থকা আৰক্ষীয়ে খবৰ পাই আহিছিল । কালি নিশা বিনয় মালাকাৰৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাই ছবদেৰ আলী(২৬) আজিজুল আলী(২৬) জুল হাউচ(২০), মুন্নাত আলী(২৭),শুকুৰ আলী(৩৪), আৰু ৰহিম আলীক(২৮) গ্ৰেপ্তাৰ কৰাৰ লগতে ১০৪ টা তাচপাতৰ পেকেট, ৪টা মোবাইল, ২০ হাজাৰ ৪২০ টকা নগদ ধন জব্দ কৰে গেৰুকাবাৰী আৰক্ষীয়ে । জানিব পৰা মতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ছয়জন জুৱাৰীৰ কেইটাৰ ভিতৰত এজনৰ ঘৰ বঙাইগাঁও জিলাৰ মানিকপুৰ থানাৰ অন্তৰ্গত শালমাৰাত আৰু বাকী ৫ জনৰ ঘৰ মানিকপুৰৰ লুংঝাৰত।