নিষেধাজ্ঞা কৰ্তন নৱাজ শ্বৰীফৰ
পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফৰ নাম দেশ এৰি যোৱাৰ প্ৰতিবন্ধকতাৰ তালিকাৰ পৰা আঁতৰাই দিয়া হৈছে। বাতৰি অনুসৰি নৱাজ শ্বৰীফৰ সৰু ভায়েক প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফৰ নেতৃত্বত প্ৰশাসনে প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ নামত সেউজীয়া পাছপোৰ্ট জাৰী কৰিছে।

নৱাজ শ্বৰীফৰ নতুন পাছপোৰ্ট ১০ বছৰৰ বাবে বৈধ। পাছপোৰ্টখন জৰুৰী কালীন ভিত্তিত জাৰী কৰা হৈছিল। নৱাজ শ্বৰীফৰ পাছপোৰ্ট এতিয়া পাকিস্তানৰ ইমিগ্ৰেচন আৰু পাছপোৰ্ট কাৰ্যালয়তো ‘সক্ৰিয়’ দেখুওৱা হৈছে।
নৱাজ শ্বৰীফৰ আগতে এটা কূটনৈতিক পাছপোৰ্ট আছিল। যোৱা এবছৰ ধৰি, নৱাজ শ্বৰীফ ইয়াৰ নৱীকৰণকলৈ সমস্যাত আছে।
পাকিস্তানৰ অভ্যন্তৰীণ মন্ত্ৰালয়ৰ এজন বিষয়াই কয় যে নৱাজ শ্বৰীফে এটা সাধাৰণ পাছপোৰ্টৰ বাবে আবেদন কৰিছিল। এতিয়া সেইটোৱেই তেওঁক দিয়া হৈছে।
ইয়াৰ পূৰ্বে, ২০১৬ চনৰ ১৮ ফেব্ৰুৱাৰীত নৱাজ শ্বৰীফৰ কূটনৈতিক পাছপোৰ্ট পাঁচ বছৰৰ বাবে জাৰী কৰা হয়। তেওঁ সেই পাছপোৰ্টটো ব্ৰিটেইনলৈ যাবলৈ ব্যৱহাৰ কৰিছিল।
২০২০ চনৰ ডিচেম্বৰত পাকিস্তানৰ তদানীন্তন অভ্যন্তৰীণ মন্ত্ৰী শ্বেখ ৰছিদ আহমেদে সাংবাদিকক কয় যে নৱাজ শ্বৰীফৰ কূটনৈতিক পাছপোৰ্ট ২০২১ চনৰ ১৬ ফেব্ৰুৱাৰীত শেষ হ’ব।
দুৰ্নীতিৰ গোচৰত দোষী সাব্যস্ত নৱাজ শ্বৰীফক ২০১৯ চনৰ অক্টোবৰত চিকিৎসাৰ বাবে আঠ সপ্তাহৰ জামিন দিয়া হৈছিল। এমাহ পিছত, তেওঁক চাৰি সপ্তাহৰ বাবে বিদেশলৈ যাবলৈ অনুমতি দিয়া হৈছিল। অৱশ্যে, তেওঁ এতিয়াও লণ্ডনত আছে।