কাইলৈ অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ অসম ভ্ৰমণ কৰাৰ লগতে কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ মতে, বৃহস্পতিবাৰে পুৱা প্ৰায় ১১:০০ বজাত প্ৰধানমন্ত্ৰী মোডীয়ে কাৰ্বি আংলং জিলাৰ ডিফুৰ ৰাইজক সম্বোধন কৰিব।

প্ৰধানমন্ত্ৰীয়ে পশু চিকিৎসা মহাবিদ্যালয় (ডিফু), ডিগ্ৰী মহাবিদ্যালয় (পশ্চিম কাৰ্বি আংলং) আৰু কৃষি মহাবিদ্যালয় (কোলোঙ্গা, পশ্চিম কাৰ্বি আংলং)ৰ আধাৰশিলাও স্থাপন কৰিব।

৫০০ কোটি টকাৰ অধিক মূল্যৰ এই প্ৰকল্পসমূহে জিলাখনত দক্ষতা আৰু নিযুক্তিৰ বাবে নতুন সুযোগ আনিব।

এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ২,৯৫০ তকৈও অধিক অমৃত সৰোবৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। ৰাজ্যখনত প্ৰায় ১,১৫০ কোটি টকা ব্যয়েৰে এই অমৃত সৰোবৰবিলাক বিকশিত কৰিব।

তেওঁ শিক্ষা খণ্ডৰ বিভিন্ন প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰিব। তাৰ পিছতে প্ৰায় ০১:৪৫ বজাত প্ৰধানমন্ত্ৰীয়ে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হৈ ডিব্ৰুগড় কৰ্কট চিকিৎসালয় আধাৰশিলা স্থাপন কৰিব কৰিব।

Comments (0)
Add Comment