জামুগুৰিহাটৰ টুপীয়াত মূঢ়াদল সমবায় সমিতিৰ উদ্যোগত আজাদিকা অমৃত মহোৎসৱ উদযাপন
প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনাৰ অধীনত ক’ৰণা মহামাৰী সময়ৰ পৰা দেশৰ দূৰ্গত ৰাইজক যি সেৱা আগবঢ়ালে তাৰ কৃতজ্ঞতা স্বৰূপে আজি জামুগুৰিহাটৰ টুপিয়াত অনুষ্ঠিত হয় অন্ন যোজনা আজাদিকা অমৃত মহোৎসৱ ৷ শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ টুপীয়াস্থিত মূঢ়াদল সমবায় সমিতিৰ কাৰ্য্যলয় প্ৰাঙ্গণত মূঢ়াদল সমবায় সমিতিৰ উদ্যোগত অনুষ্ঠিত এই মহোৎসৱত অংশগ্ৰহণ কৰি চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই কয়- ক’ভিড মহামাৰী সময়ৰ পৰা দৰিদ্ৰ ৰাইজক প্ৰধান মন্ত্ৰীয়ে অন্নৰ যোগান ধৰি যি মহানতা দেখুৱালে সেইলৈ আমি অতিশয় সুখী ৷ এই অঞ্চলৰ ৰাইজ সন্তুষ্ট ৷ সকলো শ্ৰেণী ৰাইজৰ মাজত এই চাউল সমভাৱে বিতৰণ কৰা হৈছে ৷ বিপদৰ সময়ত আমাৰ চৰকাৰ ৰাইজৰ ওচৰত ঠিয় হৈছে ৷ আমি প্ৰধান মন্ত্ৰী ডাঙৰীয়াক কৃতজ্ঞতা জনোৱাৰ লগতে যোগান বিভাগৰ সকলো বিষয়া কৰ্মচাৰীক ধন্যৱাদ জ্ঞাপন কৰা বুলি মন্তৱ্য কৰে বিধায়ক পদ্ম হাজৰিকাই ৷
মূঢ়াদল সমবায় সমিতিৰ সম্পাদক তপন শৰ্মাই আঁত ধৰা অনুষ্ঠানটিত সমবায় বিভাগৰ জিলা বিষয়াৰ লগতে মূঢ়াদল সমবায় সমিতিৰ অন্তৰ্গত সকলো সুলভ মূল্যৰ এজেণ্ট, উপভোক্তাৰ উপৰিও মুঢ়াদল জিলা পৰিষদৰ সদস্য কিশোৰ দাহাল, নদুৱাৰ আঞ্চলিক পঞ্চায়তৰ সভাপতি অজিত পায়েং, উত্তৰ মুঢ়াদল গাঁও পঞ্চায়তৰ সভাপতি দিপক নেৱাৰ আৰু পঞ্চায়ত কৰ্ম-কৰ্তা সকলৰ লগতে বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷
জামুগুৰিহাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট