বৰপথাৰত চাঞ্চল্যকৰ ঘটনা
দিনদুপৰতে বৃদ্ধক ঘপিয়াই ডকাইতে লুটিনিলে ধন৷
বৰপথাৰৰ বেংকৰ পৰা বৃদ্ধপেঞ্চনৰ ধন উলিয়াই গৃহ অভিমুখে গৈ আছিল অতুল দত্ত নামৰ বৃদ্ধ গৰাকী ৷
দিনৰ প্ৰায় ২:৩০ বজাত পাভজান বাগানৰ শিৱ মন্দিৰৰ সমিপত সংঘটিত হ’য় ঘটনাটো৷
বৃদ্ধ গৰাকীৰ মূৰ আৰু হাত , ভৰিত চোকা অস্ত্ৰৰে আঘাট কৰি লুটি নিয়ে নগদ ২০০০ টকা আৰু বেংকৰ নঠিপত্ৰ৷
ডকাইটে লুট কৰি মুমুৰ্ষ অৱস্থাত বাগানৰ মাজত পেলাই যায় বৃদ্ধ গৰাকীক৷
ঘটনাৰ খবৰ পাই পৰিয়ালৰ লোকে বৃদ্ধ গৰাকীক উদ্ধাৰ কৰি বৰপথাৰত চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা কৰায়৷ পাছত উন্নত চিকিৎসাৰ বাৱে গোলাঘাটলৈ প্ৰেৰণ কৰিছে চিকিৎসকে ৷
আৰক্ষীয়ে ইতিমধ্যে ঘটনাটোৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে৷
সৰুপথাৰ ৰ পৰা অনুপ বৰা ৰিপৰ্ট ।