মাৰ্ঘেৰিটাত উপস্থিত ৰাজ্যসভাৰ নৱনিৰ্বাচিত সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা
ৰাজ্যসভাৰ সাংসদ ৰূপে নিৰ্বাচিত হোৱা পাছত প্ৰথমবাৰৰ বাবে নিজা মাৰ্ঘেৰিটাস্থিত গৃহত আহি উপস্থিত পবিত্ৰ মাৰ্ঘেৰিটা ৷পাৱৈৰ পৰা মাৰ্ঘেৰিটালৈকে বাইক গাড়ীৰে আদৰি আনিলে দলীয় নেতা কৰ্মীয়ে ।
মাৰ্ঘেৰিটাৰ ব্লক ৰাজহুৱা ৰঙ্গমঞ্চত পবিত্ৰ মাৰ্ঘেৰিটাক উষ্ম আদৰনী দলীয় কৰ্মীৰ ৷ সাংসদ গৰাকীক বিপুল সম্বৰ্ধনা জ্ঞাপন কৰে গেৰুৱা দলটোৰ বিভিন্ন দল সংগঠনৰ লগতে মাৰ্ঘেৰিটা সাংবাদিক সংস্থাই ৷ উত্তৰ মাৰ্ঘেৰিটা নামঘৰত সেৱা লৈয়ে সম্বৰ্ধনা সভাত ভাগ লয় সাংসদ মাৰ্ঘেৰিটাই ।
নিজৰ গৃহ চহৰত উপস্থিত হৈ আপোন মানুহক লগ পায় যথেষ্ট আনন্দিত বুলি মন্তব্য কৰে সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই ৷৷
মাৰ্ঘেৰিটা পৰা প্ৰতিক ছেত্ৰীৰ ৰিপৰ্ট