আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপ ৰাষ্ট্ৰপতি কমলা হেৰিছ কৰোনাত সংক্ৰমিত

আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপ ৰাষ্ট্ৰপতি কমলা হেৰিছ কৰোনাৰ দ্বাৰা সংক্ৰমিত হৈছে। মঙলবাৰে নিশা হোৱাইট হাউছে জাৰি কৰা এক প্ৰেছ বিজ্ঞপ্তি অনুসৰি, কমলাই কোভিড-১৯ৰ বাবে ইতিবাচক পৰীক্ষা কৰিছে।

কমলাৰ প্ৰেছ সচিব কাৰ্ষ্টেন এলেনে এক বিবৃতিত কয়: “আমাৰ উপ-ৰাষ্ট্ৰপতি এতিয়া এককভাৱে থাকিব আৰু তেওঁ বাসগৃহৰ পৰা সেৱা আগবঢ়াই যাব। যদিও ক’ভিড পৰীক্ষাৰ প্ৰতিবেদন ইতিবাচক আহিছিল, উপ-ৰাষ্ট্ৰপতিৰ শৰীৰত কোনো লক্ষণ নাছিল।

মাৰ্চৰ আৰম্ভণিতে কমলাৰ স্বামী ডগলাছ এমহোফ কোভিডত আক্ৰান্ত বুলি ধৰা পৰিছিল। সেই সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰথম গৰাকী মহিলা আৰু ভাৰতীয় মূলৰ উপ-ৰাষ্ট্ৰপতি কেইসপ্তাহমানৰ বাবে আঁতৰি আছিল। আনকি তেওঁ হোৱাইট হাউচত “সমান দৰমহা দিৱস” অনুষ্ঠানতো উপস্থিত নাছিল। অৱশ্যে, হোৱাইট হাউচৰ মতে, সেই সময়ত কমলাৰ কোভিড পৰীক্ষাৰ প্ৰতিবেদন নেতিবাচক আছিল।

Comments (0)
Add Comment