ধুবুৰী জিলাৰ চাপৰ থানাৰ অন্তৰ্গত আৰেয়াৰঝাৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এক শোকাবহ দুৰ্ঘটনা সংঘটিত হয়।
জানিব পৰা পৰা মতে তীব্ৰবেগী এখন চাৰিচকীয়া বাহনে পিছফালৰ পৰা খুন্দিয়ায় এখন ই ৰিস্কাক। ফলত চালক আৰু যাত্ৰী এজন গুৰুতৰ ভাবে আহত হয়।
অৱশেষত চালক জনক উন্নত চিকিৎসাৰ বাবে বঙাইগাঁওলৈ প্ৰেৰণ কৰে যদিও মাজ বাটতে চালক জনৰ মৃত্যু হয়।
মৃত চালক জনৰ নাম চাপৰ চক্ৰৰ অন্তৰ্গত পুঠিমাৰী শান্তিপাৰাৰ বাসিন্দা শোৰাব আলি আৰু আহত ব্যক্তিজন একে গাঁওৰে কুমৰ আলী বুলি জানিব পৰা গৈছে।