অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ চাওঁতাল জনগোষ্ঠীক জনজাতিকৰণৰ দাবী
ভূমি আৰু ৰাজহ আইন ১৮৮৬ মতে ভূমিপুত্ৰ চাওঁতালসকলৰ ভূমি সংৰক্ষণ কৰি অধিকাৰ প্ৰদান কৰা ৷
অসমৰ চাওঁতাল জনগোষ্ঠীক চাহ জনগোষ্ঠীৰ সৈতে চামিলকৰণৰ চৰকাৰৰ যি প্ৰচেষ্টা তাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে চাওঁতাল ছাত্ৰ সন্থা। চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।
গোসাইগাওঁ মহকুমা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যলয়ৰ চৌহদত এছুই ইয়াৰ বিৰুদ্ধে দুই ঘণ্টীয়া ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ণ কৰে ।প্ৰতিবাদ জনাই অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ,চাহ জনজাতি সন্মিলনীৰ সভাপতি পৃথীৱী মাঝী মুৰ্দাবাদ আৰু শিক্ষা তথা ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণীৰ মন্ত্ৰী ৰনোজ পেগু হায় হায়,অসম চৰকাৰ হায় হায় আদি শ্ল’গান দি প্ৰতিবাদ জনায়।
সদৌ চাওঁতাল ছাত্ৰ সন্থাৰ গোসাইগাওঁ জিলা সমিতিৰ উদ্যোগত আৰু বিভিন্ন আঞ্চলিক সমিতিৰ সহযোগিতাত । অৱশেষত গোসাইগাওঁ মহকুমা ৰাজহ চক্ৰ বিষয়াৰ যোগেদি মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে।
গোসাইগাওঁৰ পৰা মোনেৰ আলী ৰিপৰ্ট।