বিহপুৰীয়া বাহগড়া দেউৰী গাঁৱত সামৰণি পৰিল ইবাকু বিচু
অসমৰ অন্যতম খিলঞ্জীয়া জনগোষ্ঠী দেউৰী সম্প্ৰদায়ৰ “ইবাকু বিচু” অৰ্থাৎ বহাগ বিহুটি ৰ বৃহস্পতিবাৰে বিহপুৰীয়া বাহগড়া দেউৰী ৰাইজে সামৰণি মাৰে ।বহাগ মাহৰ প্ৰথম বুধবাৰে উৰুকা আৰু বৃহস্পতি বাৰে বিহু আৰম্ভ কৰি এসপ্তাহ যোৰা বিহু পালন কৰি দেউৰী দেওশালত বিভিন্ন মাণ্ডলিক নীতি নিয়মৰে পূজাৰী সকলে বিহু সামৰা লগতে গাঁৱৰ ডেকা- গাভৰু,বুঢ়া-বুঢ়ী, বোৱাৰী মেথাই বিহু মাৰি ,বিহু গীতৰ সুৰৰ আনন্দত আত্মহাৰা হৈ পৰে । সম্প্ৰদায়ৰটোৰ পৌৰাণিক নিয়ম অনুসৰি কণী যুঁজ , চুজে খোৱা দেওশালত বিহু মৰা আদি পৰম্পৰা ৰক্ষা কৰি এবছৰলৈ বাহগড়া দেউৰী ৰাইজে বাপুতি সাহুন ইবাকু অৰ্থাৎ বহাগৰ বিহুটি বিদায় দিয়ে ।
নাৰায়নপুৰৰ পৰা গোপাল গোৱালাৰ ৰিপৰ্ট ।