Daily Time Axom

মুকালমুৱাৰ ঘোগাত ভয়ংকৰ পথ দুৰ্ঘটনা, ১৪ জন লোক গুৰুতৰ ভাবে আহত

0 7

মুকালমুৱাৰ ঘোগাত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। হাজো- দৌলাশাল পথৰ ঘোগাত এখন ট্ৰেভেলাৰ আৰু এখন দুচকীয়া বাহনৰ মুখামুখী সংঘৰ্ষৰ ফলত সংঘটিত হয় পথ দুৰ্ঘটনাটো। ট্ৰেভেলাৰ খনৰ চকা ফুটি নিয়ন্ত্ৰণ হেৰুৱাই দুচকীয়া বাহন খনত খুন্দা মাৰে। তাৰ পিছতে ট্ৰেভেলাৰখন পথৰ দাঁতিতে থকা এটা পুখুৰীৰ পাৰত বাগৰি পৰে।

দুৰ্ঘটনাটোৰ ফলত দুচকীয়া বাহনখনৰ চালক, আৰোহী আৰু ট্ৰেভেলাখনৰ প্ৰায় ১২ জন যাত্ৰী গুৰুতৰ ভাবে আহত হয়। স্থানীয়লোকৰ তৎপৰতাত আহত লোক কেইজনক মুকালমুৱা চিকিৎসালয় লৈ ভৰ্তি কৰোৱা হয়। দুৰ্ঘটনাত পতিত হোৱা ট্ৰেভেলাৰ নম্বৰ AS-01-GC-6878 আৰু দুচকীয়া বাহন খনৰ নম্বৰ AS-14-L-9747
উল্লেখযোগ্য যে, চালকৰ দৌৰাত্মৰ বাবে হাজো -দৌলাশাল পথৰ মুকালমুৱাৰ বিভিন্ন অঞ্চলত দিনক দিনে বৃদ্ধি পাইছে পথ দুৰ্ঘটনাৰ ঘটনা।

Leave A Reply

Your email address will not be published.