Daily Time Axom

স্বামীয়ে যৌতুক নোপোৱা বাবেই পত্নীক আত্মীয়ৰ সৈতে দলবদ্ধ ধৰ্ষণ

0 10

জোঁৱায়েকে ১.৫ লাখ টকাৰ যৌতুক দাবী কৰিছিল, কিন্তু ছোৱালীৰ পৰিয়ালে সেইটো পৰিশোধ কৰিব নোৱাৰিলে৷ সেইকাৰণেই স্বামীয়ে তেওঁৰ আত্মীয়ক নিজ পত্নীক দলবদ্ধভাৱে ধৰ্ষণ কৰিব দিলে। যাতে এই ভিডিঅটো ইণ্টাৰনেটত বিয়পাই দিব পাৰে আৰু তাৰ পৰা টকা উপাৰ্জন কৰিব পাৰে৷

ঘটনাটো ৰাজস্থানৰ ভৰতপুৰত সংঘটিত হৈছে ৷ অভিযুক্তজনে তেওঁৰ পত্নীক কয় যে তেওঁ যৌতুক হিচাপে নোপোৱা ধন ইউটিউবত আপলোড কৰি লাভ কৰিব৷ ভুক্তভোগী পত্নীগৰাকীয়ে তেওঁৰ স্বামী আৰু তেওঁৰ দুই আত্মীয়ৰ বিৰুদ্ধে আৰক্ষীত অভিযোগ দাখিল কৰিছে৷

ভৰতপুৰৰ কামন আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াজনে কয় যে মহিলাগৰাকীৰ ওপৰত যৌন নিৰ্যাতনৰ ভিডিঅ’ প্ৰকৃততে ইউটিউবত আপলোড কৰা হৈছিল নেকি সেয়া অনুসন্ধান কৰি থকা হৈছে।

অভিযুক্ত মহিলাগৰাকীয়ে কয়, “যৌতুকৰ বাবে মোৰ শহুৰে মোক অত্যাচাৰ কৰে ৷ যৌতুকৰ ধন নোপোৱা বাবে মোক দলবদ্ধ ধৰ্ষণ কৰা হৈছিল৷ নিৰ্যাতনৰ ভিডিঅ’টো ইউটিউবত আপলোড কৰিছে ৷ এজন অভিযুক্তই মোক পাঁচ দিন পূৰ্বে আহি মোক ধৰ্ষণ কৰিছে৷ তাৰ পিছত মই ঘৰলৈ পলাই গৈছিলো৷

কিন্তু স্বামীৰ ঘৰলৈ ঘূৰাই অনাৰ পিছত অভিযুক্তজনে আত্মহনন কৰে৷ স্বামীয়ে দুই আত্মীয়ক ঘৰলৈ মাতি আনি তেওঁৰ সন্মুখত নিজ পত্নীক দলবদ্ধ ধৰ্ষণ কৰিবলৈ কয়৷ আৰু থিয় হৈ তেওঁৰ পত্নীক অত্যাচাৰ কৰি থকা অৱস্থাত গোটেই ঘটনাটো মোবাইল ফোনত ৰেকৰ্ড কৰে ৷

Leave A Reply

Your email address will not be published.