Daily Time Axom

এক কিলোগ্ৰাম আমৰ মূল্য ৩ লাখ টকা

0 9

এক কিলোগ্ৰাম আমৰ মূল্য ৩ লাখ টকা ! অবিশ্বাস্য, কিন্তু সঁচা। ৰঙা ৰঙৰ আমকলৈ ইতিমধ্যে হুলস্থূল আৰম্ভ হৈছে। আনকি বিশেষ শ্ৰেণীৰ আম গছৰ গৰাকীয়েও গছজোপা ৰক্ষা কৰিবলৈ নিৰাপত্তাকৰ্মী নিয়োগ কৰিছে। জনা যায় যে আমৰ বাগিচাখন তত্বাৱধান কৰিবলৈ ছয়টা কুকুৰ আৰু চাৰিজন নিৰাপত্তাৰক্ষী আছে।

মধ্য প্ৰদেশৰ দম্পতী এহালে কেইবছৰমান আগতে দুটা আমগুটি ৰোপণ কৰিছিল, তেওঁলোকে ভাবিছিল যে এই গছজোপা জবলপুৰত থকা তেওঁলোকৰ বাগিচাৰ আন পাঁচজোপা গছৰ দৰে বাঢ়িব, কিন্তু আশ্চৰ্যজনকভাৱে গছদুজোপা ‘মিয়াজাকি’ প্ৰজাতিৰ হৈ পৰিছিল।

‘মিয়াজাকি’ আম ৰঙা ৰঙৰ। ই জাপানী। ইয়াক “সূৰ্যৰ কণী” বুলিও কোৱা হয়। কেৱল এই দম্পতীয়েই নহয়, বহুতে জীৱনত কেতিয়াও এনে ৰঙা ৰং দেখা নাই।

এই বিৰল প্ৰজাতিৰ আমৰ বহুতো আন্তৰ্জাতিক বজাৰ মূল্য আছে। প্ৰতি কিলোগ্ৰাম আমত তিনি লাখ টকা। যোৱা বছৰ এই মূল্যত বিক্ৰী হৈছিল।

এই খবৰ টো ওলাই পৰা লগে লগে ডকাইতৰ দলটোৱে আম চুৰি কৰিবলৈ নামি পৰিছিল। তেওঁলোকে এই মূল্যৱান আমবোৰৰ সুৰক্ষাৰ বাবে কঠোৰ নিৰাপত্তা ব্যৱস্থা কৰিছিল। ছয়টা চিকাৰী কুকুৰ আৰু চাৰিজন নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছিল। দম্পতীহালে এই আম গছ নিজেও ৰখে। দম্পতীয়ে শিশুৰ দৰে যত্ন লয় গছদুজোপাৰ।

মধ্য প্ৰদেশৰ উদ্যান পালন বিভাগৰ সঞ্চালক জি এছ কৌশলে কয়, “এই জাপানী আমৰ আলোচনাৰ কাৰণ কেৱল ইয়াৰ মূল্যৰ বাবে। কিন্তু আমি বিজ্ঞানীসকলক এই ফলটোৰ কি গুণ আছে সেয়া পৰীক্ষা কৰিবলৈ কৈছো আৰু এইটো প্ৰাকৃতিক ভাৱে হয় নে ই এক সংকৰ আৰু ই কিয় ইমান ব্যয়বহুল সেয়া জনা প্ৰয়োজন। বিজ্ঞানীসকলৰ অনুমতিৰ পিছতহে সাধাৰণ মানুহে এই গছৰোপণ কৰিব । কিন্তু ইয়াৰ সোৱাদ অতুলনীয় বুলি জনা গৈছে ।

Leave A Reply

Your email address will not be published.