নলবাৰীৰ টেঘেৰীয়াট্ৰাৰীত বিহু
ৰাজ্যৰ চৌদিশে চলি আছে ৰঙালী বিহুৰ লগতে অসমীয়া নতুন বছৰৰ আনন্দ। ব্যতিক্ৰম নহয় নলবাৰী জিলাৰ লগতে টেঘেৰীয়াট্ৰাৰী গাঁও।
আজি ১৬ বহাগ ৩০ এপ্ৰিল শনিবাৰে এদিনীয়াকৈ বৰদৈচিলা বিহু হুঁচৰি দলৰ সৌজন্যত আৰু টেঘেৰীয়াট্ৰাৰী বিহু পৰিচালনা সমিতিৰ পৰিচালনাত ৰঙালী বিহু উদযাপন কৰা হয়। ৰাতিপুৱা ৭ বজাত স্বচ্ছ অভিযান, ৮ বজাত বিহুৰ পতাকা উত্তোলন, ৮.৩০ বজাত শ্বহীদ তৰ্পন, ৯ বজাত বৃক্ষৰোপন, ১০ বজাত খেল ধেমালি প্ৰতিযোগিতা, ১১ কুইজ প্ৰতিযোগিতা, ২.৩০ বজাত ভেশচন প্ৰতিযোগিতা, ৫ বজাত আধুনিক নৃত্য প্ৰতিযোগিতা, ৬.৩০ বজাত বন্তি প্ৰজ্জ্বলন,বিহুৰ বাকৰি উদ্বোধন আদি বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰা হয়।