ধনশিৰিৰ উৰিয়ামঘাটত অটোৰ খুন্দাত মৃত্যু কিশোৰীৰ

অট’ৰ খুন্দাত মৃত্যু ৮ বছৰীয়া কিশোৰীৰ, উৰিয়ামঘাটৰ ১নং হাতীধোবিত সংঘটিতত হৈছে দুর্ঘটনাটো। দুর্ঘটনাটো সংঘটিত হোৱাৰ পাছতেই কনমানীজনীক সৰুপথাৰ চিকিৎসালয়ত ভৰ্তি কৰিছিল যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। মৃত কনমানীজনীৰ নাম আছীমা বেগম। কনমানীজনীয়ে পথ পাৰ হ’বলৈ লওতেই সংঘটিত হয় দুর্ঘটনাটো। দুর্ঘটনাটো সংঘটিত হোৱাৰ পিছত পলায়ন কৰে অটো চালকজনে।দুর্ঘটনা সংঘটিত কৰা অটোখনৰ নম্বৰ AS 01 CC 9838।ইতিমধ্যে উৰিয়ামঘাট আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰা হৈছে।

সৰুপথাৰ ৰ পৰা অনুপ বৰা ৰিপৰ্ট daily time axom

Comments (0)
Add Comment