বড়ো সাহিত্য সভাৰ ৬১ সংখ্যক অধিবেশনস্থলীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

সোমবাৰৰ পৰা বিভিন্ন বৰ্ণাঢ্য কাৰ্যসূচীৰে তামুলপুৰ কচুবাৰীত আৰম্ভ হৈছে বড়ো সাহিত্য সভাৰ ৬১ সংখ্যক অধিবেশন। অধিবেশনৰ তৃতীয়টো দিনত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দ ।

তাৰেই পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বড়ো সাহিত্য সভাৰ ৬১ সংখ্যক অধিবেশনস্থলীত উপস্থিত হৈ প্ৰস্তুতিৰ সকলো দিশ পৰ্যবেক্ষণ কৰে লগতে অনুষ্ঠানটো সাফল্যমণ্ডিত কৰাৰ বাবে আয়োজক সমিতি আৰু জিলা প্রশাসনৰ বিষয়ববীয়া সকলৰ লগত আলোচনাত মিলিত হয়।

Comments (0)
Add Comment