পুনৰ চৰ্চাত কিয়াৰা, কিন্তু কিয়
কিয়াৰা আদৱানীয়ে এটা অনুষ্ঠানত পিন্ধা পোছাকৰ বাবে সমালোচনাৰ বলি হৈছিল। কেইদিনমানৰ ভিতৰতে, ‘শ্বেৰশাহ’ৰ নায়িকাগৰাকী আকৌ এবাৰ পোছাকৰ বাবে কিছু মুহূৰ্তৰ বাবে চৰ্চিত হৈ আছে । কাৰ্তিক আৰ্য়নে তেওঁক সহায় কৰিবলৈ আগবাঢ়ি আহিছিল সিদিনাও।

অনুৰাগীসকলো এতিয়া ‘ভুল ভুলাইয়া-২’ৰ নায়ক-নায়িকাৰ ৰসায়নৰ দ্বাৰা অভিভূত।
এক সংবাদমেলত ফটোগ্ৰাফাৰসকল উপস্থিত আছিল। ভুল ভুলাইয়া-২’ মে’ত মুক্তি পাব। কিয়াৰাই চকীত বহি প্ৰশ্নৰ উত্তৰ দিয়াৰ পিছত, তেওঁলোকে ফটোৰ বাবে থিয় হৈছিল।

আৰু তেতিয়াই কিয়াৰাই অস্বস্তি অনুভৱ কৰিছিল। কিয়নো কিয়াৰাই চুটি ৰঙা পোছাক পিন্ধিছিল। থিয় হৈ থাকোতে তেওঁ নিজকে কেমেৰাৰ পৰা লুকুৱাই ৰাখিব বিছাৰিছিল। আৰু তেতিয়াই কাৰ্তিকে সন্মুখত থিয় হৈছিল।
কাৰ্তিকে তেওঁক এনেদৰে সহায় কৰা দেখি বহুতে প্ৰশংসা প্ৰকাশ কৰিছে। একে সময়তে, বহুতে কিয়াৰাক তাইৰ চুটি পোছাকৰ বাবে সমালোচনাও কৰিছে।
