নাৰায়নপুৰত শতাধিক মুছলমান ৰাইজৰ সামুহিক নামাজ


আজি সমগ্র দেশৰ লগতে লখিমপুৰ জিলাৰ নাৰায়নপুৰ ব্লক তিনি আলি ঈদগাহত শতাধিক লোকে আদায় কৰে পবিত্ৰ ঈদৰ নামাজ । বিগত দুটাকৈ বছৰত মহামাৰী কৰোনাৰ ফলত ঈদ উল ফিটৰ পালন কৰিব নোৱাৰা বিপৰীতে এই বাৰ সমগ্র দেশৰ লগতে নাৰায়নপুৰ ব্লক তিনি আলি ঈদগাহত আজি পূৱা ৯ বজাৰ পৰা সামুহিক নামাজ আৰম্ভ হয় । উল্লেখ্য যে মৌলানা উমেদ আলিয়ে আত ধৰা নামাজৰ জৰিয়তে সমগ্ৰ অসমবাসীৰ লগতে দেশবাসীৰ মঙ্গল কামনা কৰি আল্লাৰ নামত ৰাইজে সামুহিক দোৱা কৰে ।

নাৰায়নপুৰৰ পৰা গোপাল গোৱালাৰ ৰিপৰ্ট ।

Comments (0)
Add Comment