নীৰৱ মোডীয়ে সন্দৰ্ভত লণ্ডন উচ্চ ন্যায়ালয়ত প্ৰত্যৰ্পণৰ শুনানি
পঞ্জাৱ নেচনেল বেংকৰ (পিএনবি) ঋণ ডিফল্ট গোচৰত অভিযুক্ত হীৰা ব্যৱসায়ী নীৰৱ মোডীক ভাৰতলৈ প্ৰত্যাৰ্পণ সম্পৰ্কীয় গোচৰটোৰ শুনানি ২৮ জুনত হোৱাৰ সম্ভাৱনা আছে। লণ্ডন উচ্চ ন্যায়ালয়ে ২০১৯ চনত ব্ৰিটেইনত গ্ৰেপ্তাৰ কৰা ভাৰতীয় ব্যৱসায়ীজনৰ প্ৰত্যাৰ্পণৰ শুনানি দিব। আন্তৰ্জাতিক সংবাদ মাধ্যমৰ মতে, ৫১ বছৰীয়া নীৰবে প্ৰত্যাৰ্পণৰ বিৰুদ্ধে আদালতত আপীল কৰিছে। তাত, ঋণ পৰিশোধ নকৰাৰ অভিযোগত অভিযুক্ত ব্যৱসায়ীজনে তেওঁৰ স্বাস্থ্যৰ কাৰণ দৰ্শাইছে ।
যোৱা বছৰৰ লণ্ডনৰ জিলা আদলতে নীৰৱৰ প্ৰত্যাৰ্পণৰ বিৰুদ্ধে এখন আবেদনৰ শুনানিত কয় যে তেওঁ গুৰুতৰভাৱে আত্মহত্যাৰ প্ৰৱণতাত আছে। সেয়েহে তেতিয়াৰ পৰা, নীৰৱৰ ভাৰতলৈ প্ৰত্যাৰ্পণ সম্পৰ্কীয় গোচৰটো বিচাৰাধীন হৈ আছে। তেওঁৰ উকীলে দাবী কৰিছে যে যদি তেওঁ ভাৰতলৈ উভতি আহে তেন্তে তেওঁৰ মক্কেলে আত্মহত্যা কৰিব পাৰে। ইয়াৰ বাহিৰেও, মুম্বাইত তেওঁৰ শাৰীৰিক অৱস্থাৰ অৱনতি হ’ব পাৰে। তেওঁৰ উকীলে কৰ’নাৰ সময়ত নীৰবৰ স্বাস্থ্যৰ বিপদাশংকাৰ কথা উল্লেখ কৰিছিল।
সূত্ৰ অনুসৰি, ভাৰত চৰকাৰৰ মতে যদি হীৰা ব্যৱসায়ীজন ভাৰতলৈ আহে আৰু আত্মসমৰ্পণ কৰে, তেন্তে তেওঁক গ্ৰেপ্তাৰ কৰা হ’ব। অৱশ্যে, তেওঁৰ শাৰীৰিক আৰু মানসিক অৱস্থাৰ সম্পূৰ্ণ যত্ন লোৱা হ’ব। আদালতে পৰৱৰ্তী শুনানিত ভাৰত চৰকাৰ আৰু নীৰব মোডী দুয়োৰে আবেদন পৰীক্ষা কৰিব।