Daily Time Axom

চিৰাঙৰ বিজনীত ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদ-উল-ফিতৰ উদযাপন

0 9

সমগ্ৰ ভাৰতবৰ্ষৰ লগতে চিৰাং জিলাৰ বিজনী চহৰৰ জামে মছজিদত
বিজনী অঞ্চলৰ বিভিন্ন প্ৰান্তত মাহজোৰা ৰামজানৰ ৰোজা থকাৰ অন্তত আজিৰ দিনটোত আল্লাহ তালাই ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদ-উল-ফিতৰ নামাজ আদায় কৰে।এই পবিত্ৰ ঈদ-উল-ফিতৰ দিনত ধনী -দুখীয়া সকলোৱে নতুন নতুন কাপোৰ পিন্ধি আৰু আতৰ লগাই ইজনে -সিজনৰ লগত সকলো ইছলাম ধৰ্মাৱলম্বী লোকসকলে বিজনী চহৰ জামে মছজিদত একত্ৰিত হৈ ঈদৰ নামাজৰ জৰিয়তে আল্লাহক ছিছদা কৰি উপাসনা কৰে। নামাজৰ শেষত বিশ্ব মানৱ জাতিৰ শান্তি – সম্প্ৰীতিৰ বাবে নেদেখা জনৰ ওচৰত ক্ষমা প্ৰাৰ্থনা জনাই। লগতে আমছুৰ বিজনী জিলা সভাপতি ৰুছুল খানে সকলোকে ঈদৰ শুভেচ্ছা জ্ঞাপন কৰে ।

Leave A Reply

Your email address will not be published.