Daily Time Axom

পৃথিৱীৰ আটাইতকৈ ডাঙৰ হুইস্কিৰ বটলটোৰ নিলাম! দাম শুনি বেহুচ হ’ব

0 7

হুইস্কি! নামটো শুনিলে প্ৰেমিকৰ মনত অলপ বেলেগ ভাব হ’ব পাৰে। কিন্তু যদি ইয়াৰ মূল্য ভাৰতীয় মুদ্ৰাত ১৮ কোটি ২২ লাখ টকা হয়, তেন্তে চকু নিশ্চয় কঁপালত উঠিব । ২৫ মে’ত ‘দ্য ইণ্ট্ৰোপিড’ নামৰ ৩১১ লিটাৰৰ হুইস্কিৰ বটলটো নিলাম অনুষ্ঠিত হ’ব। এডিনবাৰ্গৰ এটা নিলাম কোম্পানীয়ে হুইস্কিৰ এই ৫ ফুট ১১ ইঞ্চি দীঘল বটলৰ নিলামৰ বাবে সাজু হৈছে ।

বিশ্ব ৰেকৰ্ড অনুসৰি, এইটো এতিয়ালৈকে হুইস্কিৰ আটাইতকৈ মূল্যৱান বটল। মল্ট স্কচৰ এই ৩২ বছৰ পুৰণি বটলটো হৈছে বিশ্বৰ সৰ্বশ্ৰেষ্ঠ সোৱাদযুক্ত পানীয়বোৰৰ ভিতৰত এটা। পৃথিৱীৰ অন্যতম বৃহৎ হুইস্কিৰ বটল ইমান দিন ধৰি মেককালান ডিষ্টিলাৰীত ৰখা হৈছিল। এইবাৰ আন কোনোবাই নিলামৰ জৰিয়তে এই মল্ট স্কচৰ গৰাকী হ’ব।

হুইস্কিৰ এই বটলটো ৩২ বছৰ ধৰি মেকালানৰ কাস্কেটত ৰখা হৈছিল। এইটো মুঠ ১২ টা বটলেৰে ভৰ্তি কৰা হৈছিল। প্ৰতিটো বটলত একেডিজাইন ৰং কৰা হৈছিল।

Leave A Reply

Your email address will not be published.