মৃগেন শৰণীয়াক পুনৰ গুৱাহাটীৰ মেয়ৰ হিচাপে বাচনি
মঙলবাৰে হেঙেৰাবাৰীস্থিত ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ মুখ্য কাৰ্যালয়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত অনুষ্ঠিত এক সভাত সদ্যঘোষিত গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত বিজয়ী ভাৰতীয় জনতা পাৰ্টীৰ আটাইকেইগৰাকী ৱাৰ্ড কমিচনাৰৰ সৰ্বসন্মতি ক্ৰমে ২৯ নং ৱাৰ্ডৰ ৱাৰ্ড কমিছনাৰ মৃগেন শৰণীয়াক পুনৰবাৰ গুৱাহাটীৰ আগন্তুক মেয়ৰ হিচাপে বাচনি কৰা হয়, লগতে স্মিতা ৰয়ক ডেপুটি মেয়ৰ হিচাপে বাচনি কৰা হয়।

ইয়াৰ পিছতে অনুষ্ঠিত হোৱা আন এখন সভাত অসম চৰকাৰৰ বৰ্ষপূৰ্তি উপলক্ষে অহা ১০ মে তাৰিখে অনুষ্ঠিত হ’বলগীয়া বৰ্ষপূৰ্তি অনুষ্ঠানটোক সাফল্যমণ্ডিত কৰাৰ উদ্দেশ্যেৰে অনুষ্ঠানটোৰ প্ৰাৰম্ভিক প্ৰস্তুতি সম্পৰ্কত আলোচনাত মিলিত হয় জনতা পাৰ্টীৰ দলীয় কৰ্মীসকল।