শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অষ্টাদশ বাৰ্ষিক বহাগী উৎসৱ
জামুগুৰিহাটত প্ৰস্তুতি পূৰ্ণগতিত৷
উত্তৰ পূৱ ভাৰতৰ ধৰ্ম-সাহিত্য-সংস্কৃতিৰ সু-বৃহৎ জাতীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উদ্যোগত তেজপুৰ জিলা শাখাৰ ব্যৱস্থাপনাত এইবেলি অষ্টাদশ বাৰ্ষিক কেন্দ্ৰীয় ব’হাগী উৎসৱটি অহা ৭ মে’ত জামুগুৰিহাটত অনুষ্ঠিত কৰাৰ প্ৰস্তুতি চলাইছে৷ৰাজ্যৰ লগতে দেশ বিদেশতো সৰ্বমুঠ ৫৪ খন জিলা শাখাৰে পৰিৱেষ্টিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই কেন্দ্ৰীয় ব’হাগী উৎসৱটিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জিলাসমুহৰপৰা অহা প্ৰায় কুৰিৰো অধিক দলে বিহু আৰু হুচৰি দলে অংশগ্ৰহণ কৰিব৷ব’হাগী উৎসৱটিক লৈ ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছে আদৰণি সমিতিয়ে৷ইয়াৰোপৰি এই অনুষ্ঠানৰ মাজতেই আইসকলৰ মাজত গামোচা প্ৰতিযোগীতা আৰু পিঠাপনা প্ৰতিযোগীতাও অনুষ্ঠিত হ’ব৷
জামুগুৰিহাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট৷৷