মেঘালয়ৰ ছাত্ৰ – ছাত্ৰীক সৰ্বভাৰতীয় পৰীক্ষাৰ পৰা ৰেহাই দিয়া হ’ব : মুখ্যমন্ত্ৰী কনৰাড কে চাংমা

মেঘালয়ৰ চৰকাৰী সাহায্যপ্ৰাপ্ত তথা ব্যক্তিগত মহাবিদ্যালয়সমূহৰ শিক্ষাৰ্থীসকলে স্নাতক পাঠ্যক্ৰমত নামভৰ্তি ৰখাৰ বাবে কমন ইউনিভাৰ্চিটি এণ্ট্ৰেঞ্চ টেষ্টত (কিউইউটি) অৱতীৰ্ণ হোৱাৰ প্ৰয়োজন নহ’ব, মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাইৰ ঘোষণা ।

সোমবাৰে নতুন দিল্লীত কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক সাক্ষাৎ কৰি চাংমাই কয় যে এই মহাবিদ্যালয়সমূহক সৰ্বভাৰতীয় পৰীক্ষাৰ পৰা “ৰেহাই” দিয়া হ’ব।

মুখ্যমন্ত্ৰীয়ে অৱশ্যে কয় যে তেওঁ কেন্দ্ৰৰ পৰা এই সন্দৰ্ভত আনুষ্ঠানিক যোগাযোগৰ বাবে অপেক্ষা কৰি আছে।

২০২২ -২৩ শৈক্ষিক অধিৱেশনৰ পৰা ৪৫ খন কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে কিউইটি নম্বৰ বাধ্যতামূলক কৰা হৈছে।

আনহাতে প্ৰধানে যোৱা মাহত স্পষ্ট কৰিছিল যে কিউইউটিয়ে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ অধিকাৰ উলংঘন নকৰে।

Comments (0)
Add Comment