Daily Time Axom

বড়ো সাহিত্য সভাৰ ৬১সংখ্যক বাৰ্ষিক অধিৱেশনত অংশগ্ৰহণ ৰাষ্ট্ৰপতি ৰাম নাথ কোৱিন্দ

0 14

বুধবাৰে তামুলপুৰৰ কচুবাৰীত বড়ো সাহিত্য সভাৰ ৬১সংখ্যক বাৰ্ষিক অধিৱেশনত অংশগ্ৰহণ কৰে ভাৰতৰ ৰাষ্ট্ৰপতি ৰাম নাথ কোৱিন্দ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

১৯৫২ চনৰ ১৬ নৱেম্বৰত গঠন হোৱা বড়ো সাহিত্য সভাই বড়ো ভাষা আৰু সাহিত্যৰ প্ৰচাৰ তথা প্ৰসাৰৰ বাবে নিৰন্তৰভাৱে কাম কৰি আহিছে। বড়ো সাহিত্য সভাৰ প্ৰথম সভাপতি জয়চন্দ্ৰ হাগজেৰ, প্ৰথম সাধাৰণ সম্পাদক সোণাৰাম থাওচেন আৰু অন্যান্য মহান নেতাসকলক বড়ো ভাষা আৰু সাহিত্যৰ সমৃদ্ধিত অপৰিসীম অৱদান আগবঢ়োৱা বাবে গভীৰভাৱে স্মৰণ কৰে উপস্থিত সকলোৱে।

বড়ো সাহিত্য সভাৰ এই বাৰ্ষিক অধিৱেশনত উপস্থিত থকাৰ বাবে ৰাষ্ট্ৰপতিগৰাকীক আন্তৰিক ধন্যবাদ জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে।

অধিৱেশনত ৰাজ্যপাল অধ্যাপক জগদীশ মুখী, দেশৰ ৰাষ্ট্ৰপতিৰ সহধৰ্মিণী সবিতা কোৱিন্দ, অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা, ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাং, বি টি চিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, মন্ত্ৰী ইউ জি ব্ৰহ্ম, বড়ো সাহিত্য সভাৰ সভাপতি তৰেণ বড়োৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে ।

Leave A Reply

Your email address will not be published.