৩ খনকৈ জীৰ্ণ দলঙে জীয়াতু ভোগাইছে চতিয়াৰ দক্ষিণাঞ্চলৰ ৰাইজক
বিশ্বনাথ বিধানসভা সমষ্টিৰ অন্তৰ্গত চতিয়াৰ দক্ষিণাঞ্চলৰ বৃহত্তৰ বকৰাপট্ৰা চালিয়াচাপৰি অঞ্চলত থকা তিনিখনকৈ জৰাজীৰ্ণ দলঙে জীয়াতু ভোগাইছে কেইবাখনো গাঁওৰ ৰাইজক।ঘগৰা,গৰেহাগী এৰাসুতি আৰু ঘিলাধাৰী নদীৰ ওপৰত থকা এই ভগ্ন তথা জৰাজীৰ্ণ দলঙৰ ওপৰেদিয়েই মৰণক শৰণ দি এইদৰেই এতিয়া অঞ্চলটোৰ ৰাইজে দৈনিক যাতায়ত অব্যাহত ৰাখিছে।অঞ্চলটোৰ বকৰাপট্ৰা,চালিয়াচাপৰি, বৰভেটি, কৰৈয়নী, কুমলীয়া, কুৰুআটিকে ধৰি কেইবাখনো গাঁও সংযোগী এই দলং তিনিখনৰ পকীকৰণৰ বাবে স্থানীয় ৰাইজে সংশ্লিষ্ট কতৃপক্ষক বাৰম্বাৰ অনুৰোধ জনাই অহাৰ পিছতো আজিলৈকে কোনো এখন চৰকাৰে এই বিষয়ত গুৰুত্ব দিয়া পৰিলক্ষিত ন’হল।যাতায়ত আৰু যোগাযোগ ব্যৱস্থা সূচল কৰাৰ স্বাৰ্থত সেয়েহে অঞ্চলবাসীয়ে চতিয়াৰ দক্ষিণ প্ৰান্তত থকা এই জৰাজীৰ্ণ দলং কেইখন শীঘ্ৰেই পকীকৰণ কৰিবলৈ দাবী জনাইছে।
জামুগুৰিহাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট ৷