কংগ্ৰেছ সভাপতিৰ তৃণমূল যাত্ৰাৰ বিপৰীতে চতিয়াত কংগ্ৰেছ ত্যাগৰ ঢল
জামুগুৰিহাটত শতাধিক কংগ্ৰেছীৰ বিজেপিত যোগদান
এপিচিচিৰ সভাপতি ভূপেন বৰাৰ তৃণমূল যাত্ৰাৰ সময়তেই চতিয়া সমষ্টিত কংগ্ৰেছ দল ত্যাগ কৰি বিজেপি দলত যোগদানৰ জোৱাৰ উঠিছে৷কিছুদিন পূৰ্ৱে চতিয়া সমষ্টিৰ কেবাগৰাকীও কংগ্ৰেছী নেতাই দল ত্যাগ কৰাৰ পিছত বৃহস্পতিবাৰে সমষ্টিটোৰ জামুগুৰিহাটত প্ৰায় শতাধিক কংগ্ৰেছী নেতা কৰ্মীয়ে বিজেপি দলত আনুষ্ঠানিকভাৱে যোগদান কৰে৷নৱগঠিত জামুগুৰি পৌৰসভাৰ কাৰ্যালয় উদ্বোধনী অনুষ্ঠানৰ লগত সংগতি ৰাখি বাপুজি ভৱনত অনুষ্ঠিত এখন সভাত কংগ্ৰেছ দলৰপৰা বিজয়ী হোৱা পঞ্চায়তৰ প্ৰাক্তন সভাপতিৰ পৰা বিগত পৌৰসভা নিৰ্বাচনত কংগ্ৰেছ দলৰপৰা প্ৰতিদ্বন্দিতা আগবঢ়াই পৰাজয়বৰণ কৰা নেতা কৰ্মীসহিতে শতাধিক কংগ্ৰেছীয়ে বিধায়ক পদ্ম হাজৰিকাৰ ওচৰত আনুষ্ঠানিকভাৱে যোগদান কৰে৷
জামুগুৰিহাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট ৷