নাজিৰা সীমান্তৱৰ্তী গেলেকীলৈ সু-নাম কঢ়িয়াই আনিছে এগৰাকী ছাত্ৰীয়ে। গেলেকী বাসিন্দা জয়ন্ত বৰুৱা আৰু মাতৃ তথা শিক্ষয়িত্ৰী তুলতুল দুৱৰাৰ একমাত্ৰ কন্যা ৰবিজিতা বৰুৱাই এটা পিছপৰা অঞ্চললৈ গৌৰৱ কঢ়িয়াই অনা বিষয়টোৱে যথেষ্ট চৰ্চা লাভ কৰিছে। অতি কম বয়সৰ ছাত্ৰী গৰাকীৰ প্ৰতিভা সঁচাই আদৰণীয়। বিজ্ঞান পকল্পৰ লগত জড়িত হৈ বিভিন্ন প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি সু-নাম কঢ়িয়াবলৈ সক্ষম হৈছে ৰবিজিতা বৰুৱাই । গেলেকী জাতীয় বিদ্যালয়ৰ ছাত্ৰী ৰবিজিতা বৰুৱা বৰ্তমান হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছে। ৰবিজিতা বৰুৱাই বিজ্ঞানৰ লগত জড়িত সাতখন ৰাজ্যৰ মাজত অনুষ্ঠিত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি গুজৰাটত হ’ব লগা sigma group of institute ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতালৈ নিৰ্বাচিত হৈছে। ছাত্ৰী গৰাকীক এই পাৰদৰ্শিতাৰ বাবে আজি গেলেকীৰ বে-চৰকাৰী সংস্থা জ্যোতিমাৰ্গে সম্বৰ্দ্ধনা জনাই। সম্বৰ্দ্ধনা অনুষ্ঠানটিত উপস্থিত আছিল বে-চৰকাৰী সংস্থাটিৰ সভানেত্ৰী নিলিমা গগৈ আৰু সদস্যাসকল লগতে আঠখেল জিলা পৰিষদৰ সদস্য হেমন্ত ৰাজখোৱা।