চোৰাংচোৱা কৰ্মী হ’লগৈ ‘প্লেবয়’ৰ নগ্ন মডেল! লগে লগে পুটিনে কি কৰিলে

ভ্লাদিমিৰ পুটিনক লৈ যথেষ্ট বিতৰ্ক চলি আছে। শেহতীয়াকৈ দাবী কৰা হৈছে যে পুটিনৰ দুটা গোপন সন্তান আছে। তেওঁলোকৰ মাতৃ সোণৰ পদক বিজয়ী জিমনাষ্ট।

ইউক্ৰেইন আক্ৰমণৰ পিছৰে পৰা পুটিন সংবাদ মাধ্যমৰ শিৰোনামত আছে।

শেহতীয়াকৈ, পুটিনৰ বিষয়ে আন এটা আকৰ্ষণীয় তথ্য আহিছে। দাবী কৰা হৈছে যে ২০১৯ চনত, এজন ৰাছিয়াৰ চোৰাংচোৱা কৰ্মচাৰীৰ তেওঁৰ নগ্ন ফটো পোহৰলৈ অহাৰ পিছত বৰ্খাস্ত কৰা হৈছিল।

চাইবেৰিয়ান চোৰাংচোৱা কৰ্মী আনা অনুফ্ৰিভাই পুটিনৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে।প্ৰতিযোগিতাৰ বাবে ফটো শ্বুট কৰা কাৰণে তেওঁ কষ্ট পাব লাগিব বুলি ভবাই নাছিল।

২০১৯ ৰ সেই ঘটনাটোৰ স্মৃতিয়ে এতিয়াও তেওঁক পীড়িত কৰে। তেওঁৰ বয়স ২৭ বছৰ আছিল যেতিয়া ‘প্লেবয়’ৰ ছবিবোৰ মুকলিকৈ ওলাইছিল। তাকলৈ বিতৰ্ক আৰম্ভ হোৱাৰ পিছত, তেওঁ মানসিক চাপ আৰু অন্যান্য ৰোগত ভুগিছিল। তথাপিও তেওঁ কেতিয়াও সেই সিদ্ধান্তৰ বাবে অনুশোচনা কৰা নাছিল।

তেওঁ কয়, “মই মোৰ দেশৰ সন্মুখত মোৰ সকলো লাজ ত্যাগ কৰিছো। “চাকৰি হেৰুওৱাৰ বাবে অন্ন অৰ্থনৈতিক সংকটৰ মাজত আছিলো । তেওঁৰ আনকি কোনো নতুন কামো পোৱা নাছিল। তেওঁ বাস কৰা ফ্লেটটোৰো ঋণ পৰিশোধ কৰাত অসুবিধা পাইছিল। অৱশেষত তেওঁ ফ্লেটটো বিক্ৰী কৰিবলৈ বাধ্য হৈছিল। সেই সময় বেলেগ আছিল। তেওঁ আৰু কয় : “মোক কোনেও চাকৰি দিব বিচৰা নাছিল। মোক বিভিন্ন অজুহাতত প্ৰত্যাখ্যান কৰিছিল। কিন্তু মই জানিছিলো যে ইয়াৰ আঁৰত মাত্ৰ এটাই কাৰণ । কিছুমানে কৈছিল যে কোনো পদ খালী নাই। আন কিছুমানে কৈছিল যে তেওঁলোকে মোতকৈ ভাল প্ৰাৰ্থী বিচাৰি পাইছে। ”

দৰাচলতে, চোৰাংচোৱা বিভাগত কাম কৰি থাকোতে তেওঁ ‘প্লেবয়’ আলোচনীখনে আয়োজন কৰা এক অনলাইন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। কোৱা হৈছিল যে যদি তেওঁ জয়ী হয়, তেন্তে তেওঁৰ ছবি বাতৰি কাকতৰ বাৰ্ষিক কেলেণ্ডাৰত প্ৰকাশ কৰা হ’ব।

যেতিয়া তেওঁৰ ছবি প্ৰকাশ হৈছিল, তেতিয়া তেওঁ কৈছিল, “কেৱল মডেল, ফিটনেছ প্ৰশিক্ষক আৰু চলচ্চিত্ৰ নায়িকাসকলেহে তেওঁলোকৰ শৰীৰ কিয় দেখুৱাব লাগে?”

তেওঁৰ মতে, চৰকাৰী কৰ্মচাৰীসকলৰো সেই অধিকাৰ আছে। প্ৰতিজনী ছোৱালীয়ে নিজকে ভাল পোৱা উচিত, তাইৰ শৰীৰক আনন্দ দিয়া উচিত। লাগিলে তেওঁ পেছাত এজন শিক্ষক বা চিকিৎসকেই হওক ।

“মই নগ্ন ফটোগ্ৰাফী ভাল পাইছিলো। মহিলাৰ শৰীৰ মোৰ বাবে এটা কলা যেন লাগে। এই সকলোবোৰৰ ভাল আৰু বেয়া বিচাৰ নকৰাকৈ ইয়াক উপভোগ কৰা ভাল। ”

তেওঁ প্ৰতিযোগিতাখনৰ ‘শীৰ্ষ’ত থাকিব নোৱাৰিলে, কিন্তু ইয়াত অংশগ্ৰহণ কৰা বাবে তেওঁ অলপো অনুশোচনা অনুভৱ কৰা নাছিল।

তেওঁ এতিয়াও বিভিন্ন ফটো ইনষ্টাগ্ৰামত আপলোড কৰে। তেওঁৰ ইনষ্টাগ্ৰামত বহুতো অনুসৰণকাৰী আছে। কেতিয়াবা ভ্ৰমণ-ছবি, কেতিয়াবা চেলফি। তেওঁৰ কিছুমান চুটি ভিডিঅ’ও আছে তাত।

ইউক্ৰেইনক আক্ৰমণ কৰি, পুটিন এতিয়া কেইবাটাও বিতৰ্কৰ বিষয় হৈ পৰিছে। তেওঁৰ ব্যক্তিগত জীৱনো অধ্যয়ন কৰা হৈছে। যি সময়ত মহিলাৰ লগত জড়িত থকাৰ বিষয়ে জল্পনা-কল্পনা চলি আছে, তেনে সময়ত আনাৰ কাহিনীয়ে তেওঁক অধিক বিতৰ্কৰ মাজলৈ আকৰ্ষিত কৰিছে।

Comments (0)
Add Comment