Daily Time Axom

নাৰায়নপুৰ বৰদেউৰীত সামৰণি পৰিল ১৬ দিনীয়া ইবাকু বিচু

0 7


বহাগ মাহৰ প্ৰথম বৃহস্পতিবাৰৰ পৰা লখিমপুৰ জিলাৰ নাৰায়নপুৰ বৰদেউৰী ৰাইজে আৰম্ভ কৰা ইবাকু বিচু হুঁচৰি অৰ্থাৎ বহাগ বিহুৰ আজি সামৰণি পৰিল । প্ৰায় ৮০০ ৰো অধিক পৰিয়ালৰ প্ৰতিটো ঘৰতে দেউৰী ৰাইজে হুঁচৰি মাৰি সুদীৰ্ঘ ১৬ দিনৰ মূৰত শুকুৰবাৰে দেউৰী দেওশালত সামৰণি মাৰে । অসমৰ অন্যতম খিলঞ্জীয়া জনগোষ্ঠী দেউৰী সম্প্ৰদায়ৰ সৰ্ববৃহৎ দেউৰী গাওঁ বৰদেউৰী দেওশালত হাজাৰ হাজাৰ দেউৰী লোকৰ উপস্থিতিয়ে এক উৎসৱ মুখৰ পৰিবেশ সৃষ্টি কৰে ।

নাৰায়নপুৰৰ পৰা গোপাল গোৱালাৰ ৰিপৰ্ট ।

Leave A Reply

Your email address will not be published.