ৰণবীৰ কাপুৰৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছেহে। আলিয়া ভট্টক দেখিলে এতিয়াও এনে লাগে যেন পুতলাৰ দৰে সৰু ছোৱালী!
আপুনি জানেনে যে মহেশ ভাটৰসৰু ছোৱালীজনীয়ে প্ৰকৃততে কিমান বয়সত প্ৰেমৰ প্ৰথম পাঠ পঢ়িছিল?
২০ বছৰীয়া আলিয়াই, ‘কফি উইথ কৰণ’ৰ এটা খণ্ডত যোগদান কৰিছিল। বৰুণ ধাৱানৰ সৈতে। তাত ‘ষ্টুডেণ্ট অফ দা ইয়েৰ’ৰ নায়িকাগৰাকীক প্ৰেম জীৱনৰ বিষয়ে সোধা হৈছিল। আৰু তেতিয়াই বোমাটো বিস্ফোৰণ হৈছিল ! তেওঁ কৈছিল যে সোতৰ বছৰ বয়সৰ ভিতৰতে তেওঁ দুবাৰ প্ৰেমত পৰিছিল!
তেতিয়াই আলিয়াই প্ৰকাশ কৰিছিল যে তাইৰ জীৱনৰ প্ৰেম ষষ্ঠ শ্ৰেণীত আৰম্ভ হৈছিল! আচৰিত, ষষ্ঠ শ্ৰেণীৰ পুচ্চি ছোৱালীজনীয়ে প্ৰেমৰ বিষয়ে কি বুজি পায়!
আলিয়াই তেতিয়া মুকলিকৈ কৈছিল, “এয়া কেৱল প্ৰেম নহয়, দৰাচলতে, মোৰ শ্ৰেণীৰ এজন ল’ৰাক প্ৰতি ভাললগা অনুভৱ কৰিছিলো। তেওঁ মোকো ভাল পাইছিল। আমি দুয়োজনে ইজনে সিজনৰ ফালে চাই হাঁহিছিলোঁ। সেইখিনিয়ে। কিন্তু হয়, দশম শ্ৰেণীত প্ৰেম কৰিবলৈ আৰম্ভ কৰিছিলো। ”
দশম শ্ৰেণীৰ পিছত তাইৰ কি হৈছিল?
বদ্ৰীনাথ কি দুলহানিয়াই কৈছিল, “দশম শ্ৰেণীৰ প্ৰেম গভীৰ আছিল। আমি সঁচাকৈয়ে ইজনে সিজনক ভাল পাইছিলো। কিন্তু দুবছৰৰ পিছত এই সম্পৰ্ক ভাঙি পৰিল। কাৰণ মোৰ প্ৰেমিকে মোক এৰি যায়!”