Daily Time Axom

ব্ৰাজিলত অনুষ্ঠিত বধিৰ অলিম্পিকত দেশক প্ৰতিনিধিত্ব কৰিব অভিনন্দন গোস্বামীয়ে

0 7

ব্ৰাজিলত অনুষ্ঠিত হৈ থকা বধিৰ অলিম্পিকত দেশক প্ৰতিনিধিত্ব কৰি অংশগ্ৰহণৰ বাবে ৰাঁওনা হোৱা উত্তৰ পূৱৰ প্ৰথমজন মুকবধিৰ খেলুৱৈ জামুগুৰিহাটৰ সন্তান অভিনন্দন গোস্বামীলৈ শুভাশীষ জনাই জামুগুৰিবাসী ৰাইজে৷আজি জামুগুৰিহাটৰ ওৱাৰিয়ৰ টাইকোৱানডো একাডেমীৰ ফালৰ পৰা অভিনন্দনলৈ শুভাশিষ জ্ঞাপন কৰে৷

উল্লেখ্য যে অহা কালিৰ পৰা ব্ৰাজিলত আৰম্ভ হ’ব লগা টাইকোৱানডো প্ৰতিযোগিতাত ভাৰত বৰ্ষৰ হৈ অংশগ্ৰহণ কৰিবলৈ যোৱা জামুগুৰিহাটৰ সন্তান অভিনন্দন গোস্বামীয়ে এই এক্তিভ ওৱাৰিয়ৰ টাইকোৱানডো একাডেমীতেই প্ৰথম টাইকোৱানডোৰ শিক্ষা লাভ কৰিছিল।প্ৰখ্যাত ঢুলীয়া-বিচাৰক তথা বিহুগীত আৰু নৃত্যৰ পৰিচিত নাম নিৰঞ্জন গোস্বামী আৰু গৌৰী মহন্ত গোস্বামীৰ একমাত্ৰ সন্তান অভিনন্দন গোস্বামীয়ে পদক লাভ কৰি জামুগুৰিহাটৰ লগতে অসম তথা ভাৰতবৰ্ষলৈ সুনাম অৰ্জন কৰিবলৈ সক্ষম হোৱাৰ কামনা কৰিছে এক্তিভ ওৱাৰিয়ৰ টাইকোৱানডো একাডেমীৰ পৰিয়ালৰ লগতে জামুগুৰিহাট বাসী ৰাইজে ।

জামুগুৰিহাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট ।

Leave A Reply

Your email address will not be published.