অশ্লীল পাষণ্ড পিতৃৰ চছিয়েল মিডিয়াত ভিডিঅ’ পোষ্ট জীয়াৰীৰ

দেউতাকে জীয়েকক অশ্লীল ভাবুকি প্ৰদান কৰি ধমক দিছিল যাতে কোনেও এই বিষয়ে গম নাপায়। পিছত, ছোৱালীজনীয়ে নিজৰ মোবাইলত দেউতাকৰ এটা অশ্লীল ভিডিঅ’ ৰেকৰ্ডিং কৰিবলৈ সক্ষম হয় আৰু ভিডিঅ’টো সামাজিক মাধ্যমত পোষ্ট কৰি দেউতাকৰ প্ৰকৃত ৰূপটো উদঙাই ন্যায় বিচাৰি দাবী জনায়।

ঘটনাটো ভাৰতৰ বিহাৰৰ সমস্তিপুৰত সংঘটিত হৈছে। ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা ভিডিঅ’টো দেখি আৰক্ষীয়ে ইতিমধ্যে অভিযুক্তজনক গ্ৰেপ্তাৰ কৰিছে।

১৮ বছৰীয়া যুৱতীগৰাকীয়ে আৰক্ষী থানাত ইতিমধ্যে দেউতাকৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে। আৰক্ষীয়ে কৈছে যে গ্ৰেপ্তাৰ কৰা ব্যক্তিজন পেছাত এজন শিক্ষক । তেওঁ সমস্তিপুৰৰ ৰোজেৰাৰ বাসিন্দা।

ৰোচেৰাৰ উপ-বিভাগীয় আৰক্ষী বিষয়া চহৰিয়াৰ আখটাৰে কয়, “ছ’চিয়েল মিডিয়াত পোষ্ট আৰু ভিডিঅ’টো চোৱাৰ পিছত আমি প্ৰথমে এটা স্বতঃপ্ৰণোদিত অভিযোগ দাখিল কৰিছিলো আৰু লোকজনক গ্ৰেপ্তাৰ কৰিছো। কিয়নো ভুক্তভোগীয়ে লিখিতভাৱে ধৰ্ষণৰ অভিযোগ দাখিল কৰিছে।

চহৰিয়াৰে দাবী কৰিছে যে ভুক্তভোগীৰ মাক আৰু মামায়েও ঘটনাটোৰ বিষয়ে গম পাইছিল। কিন্তু অভিযুক্তজনৰ বিৰুদ্ধে আৰক্ষী থানাত অভিযোগ দাখিল কৰাৰ পৰিৱৰ্তে, ছোৱালীজনীক ঘটনাটো গোপন ৰাখিবলৈ হেঁচাহে প্ৰয়োগ কৰিছিল।

Comments (0)
Add Comment