অসম আৰক্ষীৰ বিশেষ সেৱাৰ বাবে দেশৰ ৰাষ্ট্ৰপতিৰ তৰফৰ পৰা President’s Colors to Assam Police শীৰ্ষক এক প্ৰতীক লাভ কৰিবলৈ সক্ষম হোৱা অসম আৰক্ষীক অহা ১০ মে’ত গুৱাহাটী নেহৰু ষ্টেডিয়ামত দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে এক মহাসমাৰোহত ৰাষ্ট্ৰপতিৰ এই গৌৰৱময় প্ৰতীক প্ৰদান কৰিব ৷
অসম আৰক্ষীৰ এই সফলতাৰ বাৰ্তা ৰাইজৰ মাজত বিলাবৰ বাবেই ৰাজ্যৰ ভিন্ন স্থানত অসম আৰক্ষীয়ে মটৰ চাইকেল যাত্ৰা, চাইকেল ৰেলী আদি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে।
ব্যত্ৰিক্ৰম নহয় নাজিৰা।অসম আৰক্ষী নাজিৰা ২৫নং বেটেলিয়ানৰ উদ্যোগত আজিৰে পৰা নাজিৰাতো আয়োজন কৰা হৈছে বিভিন্ন কাৰ্য্যসূচী।আজি পুৱাই RUN FOR PRIDE শীৰ্ষক কাৰ্য্যসূচী গ্ৰহণ কৰে নাজিৰাত অসম আৰক্ষীৰ ২৫নং বেটেলিয়ানে নাজিৰা বালিঘাটৰ পৰা লিগিৰীপুখুৰীলৈকে প্ৰায় ৫ কি:মি পৰ্যন্ত এই RUN FOR PRIDE কাৰ্য্যসূচী গ্ৰহণ কৰে।
নাজিৰাৰ পৰা নয়নমণি ভৰদ্বাজৰ ৰিপ’ৰ্ট