চতিয়াত ব্ৰজপাত পৰি দাওঁদাওঁকৈ জ্বলি উঠিল খেৰৰ মেজি
জামুগুৰিহাটৰ সমীপৰ চতিয়াত ৰাতিপুৱাই ব্ৰজপাতৰ ফলত এল বি ৰোডৰ নিবাসী ৰাজীৱ শইকীয়া নামৰ এক ব্যক্তিৰ বাসগৃহৰ বিস্তৰ ক্ষতি সাধন ৷ শইকীয়াৰ বাসগৃহৰ বৈদ্যুতিক তাঁৰ সমুহ চিঙি যোৱাৰ লগতে বাসগৃহৰ বৈদ্যুতিক সা সামগ্ৰীসমুহৰ বিস্তৰ ক্ষতি হয় ৷ বাসগৃহৰ সমীপত থকা খেৰৰ মেজিটো দাওঁদাওঁকৈ জ্বলি উঠে ৷ ইতিমধ্যে ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ অগ্নি নিৰ্বাপিত কৰা ব্যৱস্থা গ্ৰহণ ৷
জামুগুৰিহাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট৷