পাথৰিঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বহাগী উৎসৱ
বহাগী উৎসৱত অংশ লয় সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড• সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই
শুক্ৰবাৰে দিনযোৰা কাৰ্যসূচীৰে পাথৰিঘাট আঞ্চলিক ছাত্ৰ সন্থাই উদযাপন কৰিলে ব’হাগী উৎসৱ। ৰাতিপুৱা বিহুৰ পতাকা আৰু সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা উত্তোলনৰে অনুষ্ঠানৰ আৰম্ভণি হয়। বৃক্ষৰোপন, সাহিত্য প্ৰতিযোগিতাৰ লগতে ছাত্ৰ ছাত্ৰী সকলৰ মাজত বিভিন্ন প্ৰতিযোগিতা আয়োজন কৰা হয়। সন্ধিয়া ব’হাগী উৎসৱত বাৰেৰহনীয়া কলা-কৃষ্টি প্ৰদৰ্শন কৰাৰ লগতে মুকলি বিহু অনুষ্ঠিত হয়।