Daily Time Axom

বৰপেটাৰ পাটবাউসীৰ হিমজ্যোতি দাস নামৰ যুৱক নিখোজ

0 6

বৰপেটা জিলাৰ পাটবাউসীৰ ২২ বছৰীয়া হিমজ্যোতি দাস নামৰ যুৱকজন ৫মে’ৰ সন্ধিয়া ৬বজাত টিউচনলৈ বুলি উলাই নিখোজ হৈ থকা বুলি যুৱকজনৰ পিতৃয়ে জানিবলৈ দিছে। আনহাতে যুৱকজনৰ হোৱাটছএপত অন্তিম দৰ্শন নিশা ৮ বজাত দেখুওৱাৰ পিছতে চুইটচ অফ হোৱা বুলিও পিতৃয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে।

উল্লেখ্য যে, যুৱকজনৰ চাইকেলখন ইতিমধ্যে উদ্ধাৰ হৈছে যদিও এতিয়ালৈকে কোনো নিশ্চিত তথ্য লাভ কৰা হোৱা নাই। গতিকে সমগ্ৰ ঘটনাটো ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে। কোনো সদাশয় ব্যক্তিয়ে যদি যুৱকজনৰ কিবা সম্ভেদ পায় তলৰ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পিতৃ বানীকান্ত দাসে।

(যোগাযোগ :৯৮৫৯২৫৯৭০৬,৬০০২৮১৭০৬)

Leave A Reply

Your email address will not be published.