বিহপুৰীয়াত আপলৈ শাসক-বিৰোধীৰ অৰ্ধশতাধিক দলীয় কৰ্মীৰ


আগন্তুক বিধান সভা আৰু পঞ্চায়ত নিৰ্বাচনলৈ লক্ষ্য কৰি অসমৰ বিভিন্ন ঠাইত আম আদমি পাৰ্টিয়ে সাংগঠনিক শক্তি বৃদ্ধি কৰা সমান্তৰালকৈ ১০৯ নং বিধান সভা সমষ্টিটো খুপনী পুটিছে অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আম আদমি পাৰ্টিয়ে । যিহেতু পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত সীমাহীন দুৰ্নীতি আৰু বৰ্তমান বিজেপি নেতৃত্বাধীন চৰকাৰৰ একনায়ত্ববাদত অতিষ্ঠ হৈ অসমৰ বিভিন্ন ঠাইত নিকা ভাৱমুৰ্তি ৰাজনৈতিক দল আম আদমি পাৰ্টিক অসমত নেতৃত্ব দিয়াৰ উদ্দেশ্যে একাংশ আহবায়কে আগবাঢ়ি অহা লগতে সাংগঠনিক শক্তি শক্তিশালী কৰাৰ বাবে ৰাইজৰ মাজত প্ৰচাৰ চলোৱা লগতে বিহপুৰীয়া সমষ্টিটো আৰম্ভ কৰে দলীয় প্ৰচাৰ অভিযান । আগন্তুক পঞ্চায়ত নিৰ্বাচন আৰু ২০২৫ চনৰ সাধাৰণ নিৰ্বাচনলৈ লক্ষ্য ৰাখি এতিয়াৰে পৰা দলীয় আহ্বায়ক সকলে দলটোৰ স্থিতি শক্তিশালী কৰা উদ্দেশ্যে আয়োজন কৰিছে সভা-সমিতি । সেই অনুসৰি বিহপুৰীয়া সমষ্টিৰ নাৰায়নপুৰ জান হুচেইন কমপ্লেক্সত আয়োজন কৰে এখনি সাধাৰণ সভা । আম আদমি পাৰ্টিৰ লখিমপুৰ জিলা সমিতিৰ নেতৃত্বত আয়োজন কৰা সভাত উপস্থিত হয় শতাধিক বিভিন্ন দলৰ কৰ্ম-কৰ্তা । দলীয় ভাষন প্ৰদান কৰে আম আদমি পাৰ্টি অৰ্থাৎ চমুকৈ আপৰ ৰাজ্যিক প্ৰচাৰক ৰাজীৱ আহমেদ আৰু লখিমপুৰ জিলাৰ যুটীয়া সমম্বয়ক স্পনা বৰুৱাই । উল্লেখযোগ্য যে উক্ত সভাত বিহপুৰীয়া সমষ্টিৰ বিভিন্ন প্ৰান্তৰ পৰা অংশগ্ৰহণ কৰা শাসকীয় বিজেপি ,কংগ্ৰেছ দলৰ উপৰিও অৰ্ধশতাধিক লোকে দলটোৰ প্ৰতি আকৃষ্ট হৈ দলটোত যোগদান কৰে।
Byte— ৰাজ্যিক সমম্বয়ক ।
নাৰায়নপুৰৰ পৰা গোপাল গোৱালাৰ ৰিপৰ্ট ডেইলি টাইম অসম ।

Comments (0)
Add Comment