Daily Time Axom

বিহালীত কৌতুক অভিনেতা-অভিনেত্রী মনি( পাপৰি বৰা ) আৰু মুকুতা ( অচিনি ডেকা )

0 11

ৰঙালী উছাহত উদুলি-মুদুলি ৰাজ্য । বিহালী সমষ্টিৰ দক্ষিণ টেলেঙ্গনীয়া আৰু বিহালীবাসী ৰাইজৰ সহযোগত দক্ষিণ টেলেঙ্গনীয়া প্ৰাথমিক বিদ্যালয় খেলপথাৰত
দক্ষিণ টেলেঙ্গনীয়া ৰঙালী বিহুখন উদযাপন কৰা হয় । উক্ত বিহু অনুষ্ঠানত ৰাইজক হাঁহি খোৰাকেৰে মুগ্ধ কৰিলে অসমৰ জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউত পোষ্টৰ কৌতুক অভিনেতা অচিনি ডেকা ( মুকুতা ) আৰু অভিনেত্রী পাপৰি বৰাই ( মনি ) লগতে মঞ্চত
নিশা প্ৰাণ ঢালি গীত পৰিবেশন কৰিলে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী সৌৰভ কাকতি আৰু পুজা বৰাই । দুয়োগৰাকী শিল্পীৰ গীতত কঁকাল ঘুৰাই ঘূৰাই নাচিলে শ শ দৰ্শকে।

প্ৰিয় অভিনেত্রা-অভিনেত্রী দুযোগৰাকীৰ অনুষ্ঠান চাবলৈ বিহালীৰ বিভিন্ন স্থানৰ অনুৰাগীৰ উপস্থিত হয় দক্ষিণ টেলেঙ্গনীয়াত ।

উল্লেখযোগ্য যে অসম চৰকাৰৰ পৰা ১লাখ ৫০ হাজাৰ টকা আৰ্থিক
মাননি লাভ কৰা দক্ষিণ টেলেঙ্গনীয়া ৰঙালী বিহু উদযাপন সমিতিৰ সভাপতি সম্পাদকে ৰাইজৰ সহায় সহযোগিতা লগতে গাৱঁৰ ৰাইজে অনুষ্ঠানটো যি শান্তিপূৰ্ণ শৃংখলা বজাই ৰাখি সফল কৰাত সহায় কৰিলি তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

Leave A Reply

Your email address will not be published.