শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক বাবুল বৰাৰ গঠণমুলক বক্তৃতা আৰু চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ প্ৰেৰণামুলক ভাষ্যৰ লগতে কুৰিৰো অধিক বিহু হুছৰি দলৰ বিহু প্ৰদৰ্শনে নিশালৈকে জীপাল কৰি তোলে জামুগুৰিহাটত অনুষ্ঠিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় বহাগী উৎসৱ থলী৷
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিশ্ববিদ্যালয়ৰ প্ৰসংগ উল্লেখ কৰি মূখ্যমন্ত্ৰী ড° হিমন্ত শৰ্মাক প্ৰশংসাৰে ওপচাই পেলালে প্ৰধান সম্পাদক বাবুল বৰাই৷তিনিশ বিঘা মাটি,১৫ কোটি আন্ত:গাঠনি উন্নয়নৰ পুঁজিকে আদি কৰি বিশ্ববিদ্যালয়ৰ ৭৫ শতাংশ কৰ্মচাৰীক দৰমহা দিয়াৰ বাবে ৰাজহুৱাকৈ সাহসেৰে মূখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰি বিশ্ববিদ্যালয়খনৰ কৰ্মচাৰীসকলক ৭৫ শতাংশ দৰমহা দিব বুলি চৰকাৰে লোৱা সিদ্ধান্তৰ কথা ব্যক্ত কৰি কেন্দ্ৰীয় বহাগী উৎসৱত ৰাজ্যৰ মূখ্যমন্ত্ৰীগৰাকীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিল সংঘৰ প্ৰধান সম্পাদকগৰাকী ৷জামুগুৰিহাটত শনিবাৰে দিনজোৰা কাৰ্যসুচীৰে অনুষ্ঠিত সংঘৰ অষ্টাদশ বাৰ্ষিক কেন্দ্ৰীয় বহাগী উৎসৱৰ আলোচনা চক্ৰতো অংশগ্ৰহণ কৰি প্ৰধান সম্পাদকগৰাকীয়ে কয় যে বহাগ আহি পালে বিহু আহিবই৷আপুনি বিহু পাতিলেও আহিব আৰু নাপাতিলেও আহিব৷কিন্তু বিহুটোক উদযাপন কৰিব পাৰিব লাগিব বুলি উল্লেখ কৰি প্ৰধান সম্পাদকগৰাকীয়ে বিহুৰ লগত যান্ত্ৰীক বা যন্ত্ৰৰ কোনো সম্পৰ্ক নাই বুলি উল্লেখ কৰি বৰ্তমান সময়ত তেজাল ডেকাসকলক বৰবিহ খাই কমবয়সতে নিজৰ জীৱণটোক ধ্বংস নকৰিবলৈ আহ্বান জনাই প্ৰধান সম্পাদকগৰাকীয়ে৷২০২৬ বৰ্ষত শংকৰদেৱ সংঘৰ ৰাজ্যিক অধিৱেশন এই জামুগুৰিহাটতেই অনুষ্ঠিত হ’ব বুলিও প্ৰকাশ কৰে প্ৰধান সম্পাদকগৰাকীয়ে৷
পুৱাৰপৰাই অনুষ্ঠিত অনুষ্ঠানটিত দিনৰভাগত আলোচনা চক্ৰ আৰু স্মৃতিগ্ৰন্থ উন্মোচনৰ পিছত বিয়লিৰপৰা নিশালৈকে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ কুৰিৰো অধিক বিহুৱা দলে কেন্দ্ৰীয় এই বহাগী উৎসৱত অংশগ্ৰহণ কৰি বিহু হুছৰি প্ৰদৰ্শন কৰি জামুগুৰিহাটৰ আকাশ বতাহ মুখৰিত কৰি তোলে৷
জামুগুৰিহাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট ।