সমন্বয়ৰ এনাজৰীʼৰ উদ্যোগত বহাগী বসন্ত উৎসৱ উদযাপন
শনিবাৰে দৰং আৰু ওদালগুৰি জিলাৰ সীমান্তবৰ্তী সাৰেং কৃষ্ণ গোপাল থানৰ সমীপত সমন্বয়ৰ এনাজৰীৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত এদিনীয়া বৰ্ণাঢ্য কাৰ্যসুচীৰে প্ৰথম বাৰ্ষিক ৰঙালী বিহু উদ্যাপন কৰা হয় । পুৱা পতাকা উত্তোলন,শ্বহীদ তৰ্পন, বৃক্ষৰোপন, আদি সম্পন্ন হয় । সন্ধিয়া অনুষ্ঠিত হয় মুকলি বিহু মুকলি বিহুৰ মঞ্চ উদ্বোধন কৰে টংলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ দিলীপ বৰুৱাই। বহাগী উৎসৱত বাৰেৰহনীয়া কলা-কৃষ্টি নৃত্য প্ৰদৰ্শন কৰাৰ লগতে মুকলি বিহু অনুষ্ঠিত হয়।
মুকলি বিহু প্ৰতিযোগিতাত
দাক্ষায়িনী বিহুৱা দলে প্ৰথম, বণিল বিহুৱা দলে দ্বিতীয়.
দৰঙী বিহুৱা দলে তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে
ইফালে অন্যন্য কাৰ্যসূচীৰ লগতে বহাগী উৎসৱ অনুষ্ঠানত অঞ্চলটোৰ কেইবাগৰাকী জ্যেষ্ঠ বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰা হয় সমন্বয়ৰ এনাজৰীৰ তৰফৰ পৰা ।
নিশাৰ পৰিবেশত অনুষ্ঠিত বহাগী উৎসৱে হাজাৰ হাজাৰ উপস্থিত ৰাইজক আপ্লুত কৰে ।