ধনশিৰি মহকুমাৰ বৰপথাৰ পৌৰসভাৰ অন্তৰ্গত এক নং ৱাৰ্ডৰ বৰানগৰৰ বাসিন্দা নাচিৰুদ্দিন আহমেদৰ পৰিয়ালটোলৈ এতিয়া নামি আহিছে দুখৰ অমানিশা। দিন হাজিৰা কৰি কোনোমতে পৰিয়াল পোহপাল দিয়া নাচিৰুদ্দিন আহমেদ কিছুদিনৰ আগেয়ে এটা দুৰ্ঘটনাত পতিত হৈ এতিয়া শয্যাশায়ী হৈ পৰিছে । ওচৰ-চুবুৰীয়াৰ সহায়ত বিহাৰৰ পাটনালৈকো নিলে যদিও ধনৰ অভাৱত উপযুক্ত চিকিৎসা কৰিব নোৱাৰাত ঘৰলৈ লৈ আহে।
উল্লেখ্য যে কিছুদিনৰ আগেয়ে নাচিৰুদ্দিনে হাজিৰা কৰিবলৈ যোৱা মানুহ এঘৰৰ গাড়ী গেৰেজৰ চাটাৰ গাতে সৰি পৰাৰ ফলত কঁকালত বেয়াকৈ আঘাত পাই সম্পূৰ্ণ শয্যাশায়ী হৈ পৰে। ইপিনে এগৰাকী অকণমানি সন্তানৰ পিতৃৰ কৰুণ দুৰ্ঘটনাৰ পাছত অসহায় হৈ পৰা নাচিৰুদ্দিনৰ পত্নীয়ে স্বামীৰ চিকিৎসাৰ ব্যৱস্থা কৰি দিবলৈ স্থানীয় বিধায়কৰ লগতে চৰকাৰলৈ কাতৰ আহ্বান জনাইছে। লগতে কোনো সদাশয় ব্যক্তিয়ে সহায় কৰিব বিচাৰিলে অসম গ্ৰামীণ বিকাশ বেংকৰ বৰপথাৰ শাখাত নাচিৰুদ্দিনৰ পত্নী মিনুবাৰা বেগমৰ নামত স্ক্ৰীণত দিয়া একাউন্ট নম্বৰত সহায় কৰিবলৈ অনুৰোধ জনাইছে।
A/C NO= 7214026004909
IFSC= UTBI0RRBAGB
Ph No=9706100685
সৰুপথাৰ ৰ পৰা অনুপ বৰা ৰিপৰ্ট।