জামুগুৰিহাটৰ উত্তৰাঞ্চলত আজি পুৱতি নিশা অহা প্ৰচণ্ড ধুমুহাই বিস্তৰ ক্ষতি সাধন কৰে । অঞ্চলটোৰ বালিজুৰি, কৰৈটাপু, গেলাইচি, জয়পুৰ, মিলনপুৰকে ধৰি কেইবাটাও স্থানত ধুমুহাই গছগছনি , ঘৰদুৱাৰ ভাঙি তহিলং কৰে । ধুমুহাই অঞ্চলটোত প্ৰায় ২০০ টাৰো অধিক গৃহৰ টিংপাত, বেৰ উৰুৱাই নিয়াৰ লগতে বিদ্যালয় গৃহৰ টিংপাতো উৰুৱাই নিয়ে। কেইবাটাও পশু ধনৰ মৃত্যু হয় ধুমুহাত । ঠায়ে ঠায়ে বিদুৎতৰ খুঁটাও উভালি পৰা পৰিলক্ষিত হয় । ধুমুহাত ক্ষতিগ্ৰস্ত পৰিয়াল সমুহক জিলা প্ৰশাসনৰ ফালৰ পৰা আৰ্থিক ক্ষতি পূৰণ দিবলৈ ৰাইজে দাবী জনাইছে ।
জামুগুৰিহাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট ।