নাজিৰাৰ অংকুৰণ সংগীত বিদ্যালয়ৰ বাৰ্ষিক সাংস্কৃতিক অনুস্থানৰ সামৰণি

নাজিৰাৰ অংকুৰণ সংগীত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত দুদিনীয়া কাৰ্য্যসূচীৰে অনুস্থিত নৃত্য ,গীত ,ভাওনাৰ সামৰণি পৰে দেওবাৰে নিশা।দেওবাৰে নিশা ভাওনা প্ৰদৰ্শনে দৰ্শকৰ মন মুহিবলৈ সক্ষম হয়।

নাজিৰাৰ এখন আগশাৰীৰ নৃত্য ,গীতৰ অনুষ্ঠান অংকুৰণ সংগীত বিদ্যালয়ৰ শনি আৰু দেওবাৰ দুদিনীয়া কাৰ্যসূচীৰে বাৰ্ষিক সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হয় ৷

প্ৰথম দিনা গায়ন বায়ন ,সত্ৰীয়া নৃত্য ,আধুনিক নৃত্য ,গীত মাত অনুষ্ঠান অনুস্থিত কৰাৰ লগতে শেষৰ দিনা দেওবাৰে “ৰুক্মিণী হৰণ”ভাওনা প্ৰদৰ্শন কৰা হয় ৷

অংকুৰণ সংগীত বিদ্যালয়ৰ দুয়োদিনৰ কাৰ্যসূচীয়ে শ শ দৰ্শকক মুগ্ধ কৰি তোলে ৷

নাজিৰাৰ পৰা নয়নমণি ভৰদ্বাজৰ ৰিপ’ৰ্ট

Comments (0)
Add Comment