লিডু ৭ শতাধিক বিভিন্ন ভাষা ভাষী শিল্পীয়ে গালে একলা চল’ৰে শীৰ্ষক গীতটি…

আজি বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ ১৬১ তম জন্মজয়ন্তী উপলক্ষে বিভিন্ন প্ৰান্তত স্মৰণ। ক্ষুদ্ৰ ভাৰতবৰ্ষ খ্যাত লিডুৰ বাজাৰ হাইস্কুল খেলপথাৰত ৭ শতাধিক বিভিন্ন ভাষা ভাষী শিল্পীয়ে গালে একলা চল’ৰে শীৰ্ষক গীতটি ।

ববিতা দাস চৌধুৰী মিতালী ৰয় আদিৰ তত্বাৱধানত বাংলা ভাষাৰ উপৰিও অসমীয়া হিন্দী ইংৰাজী মাধ্যমৰ বিভিন্ন ভাষা ভাষী ছাত্ৰীয়ে সমস্বৰে গালে বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ কালজয়ী একলা চল’ৰে গীতটি ।

উল্লেখ্য যে ৰবীন্দ্ৰনাথ বঙালী সাহিত্যৰ দিকদৰ্শক কবি, ঔপন্যাসিক, গল্পকাৰ, গীতিকাৰ, সুৰকাৰ, নাট্যকাৰ আৰু দাৰ্শনিক। ঊনবিংশ শতিকাৰ শেষ ভাগৰ পৰা বিংশ শতিকাৰ মাজভাগলৈকে ৰবীন্দ্ৰনাথে বঙালী সাহিত্যত এক যুগান্তকাৰী পৰিবৰ্তনৰ সূচনা কৰে। তেখেতৰ গীতাঞ্জলি কাব্যগ্ৰন্থৰ বাবে ১৯১৩ চনত তেওঁ এছিয়া মহাদেশৰ প্ৰথম ব্যক্তি হিচাপে ন’বেল বঁটা লাভ কৰে। তেওঁৰ জীৱন আৰু কৰ্মৰাজিৰে বঙালী ভাষা আৰু সংস্কৃতি সমৃদ্ধ। বিশ্বৰ বঙালীভাষীসকলৰ মাজত তেওঁ বিশ্বকবি, কবিগুৰু আৰু গুৰুদেৱ নামেৰে প্ৰসিদ্ধ। তেওঁ বিশ্বৰ একমাত্ৰ কবি যি দুখনকৈ দেশৰ জাতীয় সংগীত ৰচনা কৰিছে। বাংলাদেশৰ জাতীয় সংগীত আমাৰ সোনাৰ বাংলা আৰু ভাৰতৰ জাতীয় সংগীত জন গণ মন দুয়োটাৰে ৰচয়িতাই ৰবীন্দ্ৰনাথ। বঙালী ভাষা-সাহিত্য, শিল্প কলা আৰু শিল্প চেতনা ৰবীন্দ্ৰনাথৰ হাতত নতুনকৈ নিৰ্মিত হৈছে বুলি কোৱা যায়। তিনিচুকীয়া জিলাৰ লিডুত ৰবীন্দ্ৰনাথ ঠাকুৰৰ একলা চল’ৰে শীৰ্ষক কালজয়ী গীতটি বিভিন্ন ভাষা ভাষী সাত শতাধিক শিল্পীয়ে আওৰাই নবেলবটা বিজয়ী সাহিত্যিক কবি গৰাকীক স্মৰণ কৰাৰ লগতে সমগ্ৰ ৰাজ্য তথা দেশবাসীক সমন্বয়ৰ বাৰ্তা দিয়ে । বাংলাৰ লগতে অসমীয়া বিদ্যালয়ৰ ছাত্ৰীয়ে ৰবীন্দ্ৰ সংগীতত নৃত্য পৰিবেশন কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰে । পুৱা তেখেতৰ প্ৰতিকৃতিত মাল্যপৰ্ণ কৰে বিশিষ্ট কবি ড° ৰন্ঞ্জিত দত্তই আৰু বন্তি প্ৰজ্বলন কৰে জ্যেষ্ঠ সাংবাদিক জগত চাংমাইয়ে । তদুপলক্ষে প্ৰনৱেশ চৰকাৰ আৰু ববিতা দাস চৌধুৰীৰ পৰিচালনাত অনুষ্ঠিত সভাত সাংবাদিক ৰাণাজ্যোতি নেওগ চুফাতি পমুং মিলি অনীলা ফুকন সুখদেৱ শৰ্মা সুপ্ৰিয় গুপ্ত আদি বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকে ।

মাৰ্ঘেৰিটা পৰা প্ৰতিক ছেত্ৰীৰ ৰিপৰ্ট

Comments (0)
Add Comment