আপুনি পত্নীক নিশ্চিতভাৱে আপোনাৰ প্ৰাক্তনৰ বিষয়ে কেইটামান কথা ক’ব পাৰে। কিন্তু এই বিষয়ে বেছি কোৱাটো সঠিক নহয়। আপোনাৰ পত্নীয়ে পুৰণি সম্পৰ্কৰ বিষয়ে বুজি পাবও লাগিব। কিন্তু যদি তেওঁক বাৰে বাৰে এই বিষয়ে কৈ থাকে, তেন্তে তেওঁ এইটো ভাল নাপাবও পাৰে। যদি আপুনি বাৰে বাৰে কয় তেওঁ অনুভৱ কৰিব পাৰে যে আপুনি তেওঁক একেবাৰে ভাল নাপায়। সেইকাৰণে আপুনি বাৰে বাৰে প্ৰাক্তনৰ বিষয়ে কথা কৈ আছে। গতিকে এইটো লুকুৱাই ৰখাই ভাল।
যদি আপুনি কাৰোবাক চাই ভাল পায়, আপুনি তেওঁক প্ৰশংসাও কৰিব পাৰে। কিন্তু যদি আপুনি এজন পুৰুষ, আপোনাৰ পত্নীৰ সন্মুখত প্ৰশংসা নকৰিব। নহ’লে তেওঁ ভাবিব পাৰে যে আপুনি তেওঁক ভাল নাপায়। আনকি আপোনাৰ সম্পৰ্কৰ ক্ষেত্ৰত বহুতো প্ৰশ্ন আহিব পাৰে। আৰু এই কথাবোৰ সম্পৰ্কৰ ক্ষেত্ৰত একেবাৰে ভাল নহয়। গতিকে এই বিষয়ে সাৱধান হোৱা ভাল।
সকলোৱে পছন্দবোৰ বেলেগ। আপোনাৰ পত্নীৰ পচন্দৰ সৈতে আপোনাৰ একেই মত নাথাকিবও পাৰে। সেইবুলিয়ে পত্নীক অপমান নকৰিব। তাৰ সলনি, এই বিষয়ে অলপ অধিক সজাগ হ’ব।
পত্নীক আনৰ সৈতে তুলনা কৰাটো সঠিক নহয়। দৰাচলতে, এই পৃথিৱীৰ প্ৰতিজন ব্যক্তি নিজৰ ধৰণে পৃথক। তেওঁলোকে ইজনে সিজনক বেলেগ ধৰণে চাব বিচাৰে। এই পৰিস্থিতিত, যদি আপুনি আনলোকৰ সৈতে তুলনা কৰা আৰম্ভ কৰে, তেনেহ’লে সমস্যা হোৱাটো অতি স্বাভাৱিক।
আজিৰ মহিলাসকল স্বতন্ত্ৰ । তেওঁলোকে কাম কৰে। নিজে উপাৰ্জন কৰে।