Daily Time Axom

দৰঙ্গিপাৰা ২৯ তম বহাগী উৎসৱ উদযাপন

0 11


দৰঙ্গিপাৰা আঞ্চলিক যুৱ বিকাশ ক্লাৱৰ সৌজ্যনত উদযাপন কৰে ২৯ তম বহাগী উৎসৱ। দৰঙ্গিপাৰাস্থিত আঞ্চলিক যুৱ বিকাশ ক্লাৱৰ চৌহদত উদযাপন কৰা হয় এই বহাগী উৎসৱৰ। ২৯ তম বহাগী উৎসৱ উপলক্ষে দিনজোৰা কাৰ্যসূচীৰে আয়োজিত বিভিন্ন কাৰ্যসূচীৰ লগতে সাংস্কৃতিক অনুষ্ঠানত আধুনিক নৃত্য প্ৰতিযোগিতাৰ লগতে কেইবাটাও বিহু হুচৰি দলে বিহু হুচৰি পৰিবেশন কৰে। ক’ভিড সৃষ্ট পৰিৱেশৰ পিছত দুবছৰ পাছত বহাগী উৎসৱ উদযাপন কৰিবলৈ পাই আনন্দিত গাওঁবাসী। দৰঙ্গিপাৰা গাৱঁৰ জীয়ৰী তথা বৰ্তমানৰ কোকৰাঝাৰ জিলা উপায়ুক্ত বৰ্ণালী ডেকাই বহাগী উৎসৱ উপভোগ কৰি আনন্দিত হৈ কয়,সদায় ৰাইজৰ ভাল কাম কৰি যাম আৰু এগৰাকী প্ৰশাসনিক বিষয়া হিচাপে সদায় সমাজৰ স্বাৰ্থত সেৱা কৰি যাব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।

Leave A Reply

Your email address will not be published.