বিজনীৰ মিলনবজাৰত নিখিল ভাৰত কৃষক সভাৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী
পৰিবৰ্তনৰ শ্লোগান আওৰাই দিছপুৰৰ গাডী দখল কৰা বিজেপি নেতৃত্বাধীন চৰকাৰৰ দিনতো উন্নয়নৰ মুখ নেদেখিলে চিৰাং জিলাৰ বিজনীৰ ২ নং লাৰুগাঁও, দাওৱাগুৰী, মিলনবজাৰ আদি অঞ্চলৰ ৰাইজে। অঞ্চলসমূহৰ ৰাস্তা-ঘাট আৰু চাৰিখনকৈ দলঙৰ অৱস্থা অতি শোচনীয়। এনে পৰিপ্ৰেক্ষিতত আজি মিলন বজাৰত নিখিল ভাৰত কৃষক সভাৰ মিলন বজাৰ শাখা কমিটিৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত ৰূপায়ণ কৰে এক প্ৰতিবাদী বিক্ষোভ কাৰ্যসূচী। প্ৰতিবাদী ৰাইজে উক্ত অঞ্চলত থকা চাৰিখনকৈ দলং পকী কৰা আৰু শোচনীয় ৰাস্তা ঘাট মেৰামতি কৰাৰ বাবে চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰে। আনহাতে এইক্ষেত্ৰত বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়ক কেবাবাৰো মৌখিক অভিযোগ দিয়াৰ পিছতো গুৰুত্ব নিদিয়া বুলি অভিযোগ উত্থাপন কৰে প্ৰতিবাদী জনতাই।